ETV Bharat / bharat

মীৰুটত দেহ ব্যৱসায়ত জড়িত মহিলা গ্ৰেপ্তাৰ - অসম

শকিলা নামৰ এগৰাকী দেহ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে মীৰুট আৰক্ষীয়ে ৷ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ত জড়িত হৈ আছিল ৷ মহিলাগৰাকীয়ে অসম তথা পশ্চিমবংগৰ পৰা নাবালিকাসকলক চল-চাতুৰীৰে ক্ৰয় কৰি এই ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰিছিল ৷

Woman arrested for prostitution from Assam teenager assam etv bharat news
দেহ ব্যৱসায়ত জড়িত মহিলা গ্ৰেপ্তাৰ
author img

By

Published : Sep 15, 2020, 3:37 PM IST

মীৰুট,15 ছেপ্তেম্বৰ: উত্তৰ প্ৰদেশৰ মীৰুটত আৰক্ষীয়ে শকিলা নামৰ এগৰাকী দেহ ব্যৱসায়ীক মঙলবাৰে গ্ৰেপ্তাৰ কৰে ৷ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এই ব্যৱসায়ত জড়িত হৈ আছিল ৷ তদুপৰি মহিলাগৰাকীয়ে অসম তথা পশ্চিমবংগৰ পৰা নাবালিকাসকলক চল-চাতুৰীৰে ক্ৰয় কৰি এই ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰিছিল ৷ মানৱ অংগ সৰবৰাহ প্ৰতিৰোধকাৰী এটা সংস্থাই মহিলাগৰাকীক আৰক্ষীৰ সহায়ত কৰায়ত্ত কৰে ৷ মীৰুটৰ এটি উদ্ধাৰকাৰী দল আৰু মানৱ অংগ সৰবৰাহ প্ৰতিৰোধকাৰী এটি সংস্থাই লাভ কৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চহৰখনৰ লিসাড়ী গেট নিবাসী শকীলা নামৰ মহিলাগৰাকীয়ে দেহ ব্যৱসায়ত জড়িত থকাৰ সম্ভেদ লাভ কৰে ৷ মহিলাগৰাকীয়ে ৰাজধানী দিল্লী চহৰৰ পৰা 5 দিন পূৰ্বে এগৰাকী কিশোৰীক মীৰুটলৈ এই ব্যৱসায়ত জড়িত কৰোৱাৰ উদ্দেশ্যে লৈ আনে ৷ এই সম্ভেদ লাভৰ পিছতে এটা বে-চৰকাৰী সংস্থাৰ এগৰাকী সদস্যই মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰে ৷

মহিলাগৰাকীয়ে কিশোৰীগৰাকীৰ বিনিময়ত 3500 টকা দাবী কৰে ৷ ইয়াৰ পিছত বে-চৰকাৰী সংস্থাটোৰ সদস্যগৰাকীয়ে মানৱ অংগ সৰবৰাহ প্ৰতিৰোধকাৰী দলটোৰ সৈতে যোগাযোগ কৰি মহিলাগৰাকীক কৰায়ত্ত কৰাৰ আঁচনি তৈয়াৰ কৰে ৷ পৰিকল্পনা অনুসৰি মহিলাগৰাকীয়ে চেণ্টেল বজাৰলৈ আহে আৰু আৰক্ষীয়ে তাতে শাকিলা নামৰ মহিলাগৰাকীক কৰায়ত্ত কৰে ৷ বে-চৰকাৰী সংস্থাটোৰ সদস্য ৰাজেন্দ্ৰ সিঙে শাকিলা নামৰ মহিলাগৰাকী বিহাৰৰ বাসিন্দা বুলি প্ৰকাশ কৰে ৷ অসম, পশ্চিমবংগ আৰু বিহাৰৰ পৰা নাবালিকা তথা কিশোৰীসকলক বিভিন্ন প্ৰলোভনেৰে আনি মহিলাগৰাকীয়ে দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ ভিন্ন অঞ্চলত বিক্ৰী কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ বিগত চাৰিদিন পূৰ্বে মহিলাগৰাকীয়ে দিল্লীৰ পৰা মীৰুটলৈ এগৰাকী কিশোৰীক 25,000 টকাৰ বিনিময়ত ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷

লগতে চাওকঃ চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.