নিউজ ডেস্ক,১ জুলাই: পথ ভঙা, দলং ভঙা, বিভিন্ন স্থানত বিস্ফোৰক স্থাপন কৰা আদিৰ দৰে কামবোৰত নিয়োজিত হৈ থাকি অৱশেষত অতিষ্ঠ হৈ সুযোগ বুজি মাওবাদী শিবিৰৰ পৰা পলায়ন কৰিলে ১৮ জনকৈ মাও উগ্ৰপন্থীয়ে । এই সকলক চাৰি বছৰ পূৰ্বে বলপূৰ্বকভাৱে মাওবাদী উগ্ৰপন্থীয়ে জংঘললৈ লৈ গৈছিল ।
উল্লেখ্য যে, আত্মসমৰ্পন কৰা এই দলটোত সম্ভেদকাৰীক আটকৰ বিনিয়ময়ত পুৰস্কাৰ ঘোষণা হৈ থকা এক এক লাখ টকাৰ বিপৰিতে থকা চাৰিজন মাও সন্ত্ৰাসবাদীও আছে । তাৰোপৰি দলটোত আছে এগৰাকী মহিলা সন্ত্ৰাসবাদীও ।
উল্লেখ্য যে, জিলা উপায়ুক্তৰ সন্মুখত এইদৰে আত্মসমৰ্পন পোন প্ৰথমবাৰ বাবে কৰা হৈছে । প্ৰশাসনে আত্মসমৰ্পনকাৰী প্ৰতিজনকে ১০ হাজাৰকৈ এককালিন সাহাৰ্যও প্ৰদান কৰে । তাৰোপৰি এইসকল আত্মসমৰ্পনকাৰীয়ে পুনৰ পথ নিৰ্মান, দলং নিৰ্মাণ আদিৰ দৰে কামেৰে প্ৰশাসনক সহযোগ কৰি যাব বুলিও জানিবলৈ দিয়ে।
লগতে চাওক-ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক