ETV Bharat / bharat

ভিন্ন সুৰৰ সুহুৰিৰে ভৰা মেঘালয়ৰ এখন গাঁও

কোনো শিশুৰ জন্মৰ পূৰ্বেই এক নতুন সুৰৰ সুহুৰি তৈয়াৰ কৰি ৰাখে মেঘালয়ৰ এখন গাঁৱত ৷ হয় সেই সুহুৰিৰ সুৰেই হৈ পৰে সদ্যোজাত শিশুৰ নাম ৷

whistling village of meghalaya
ভিন্ন সুৰৰ সুহুৰিৰে ভৰা মেঘালয়ৰ এখন গাঁও
author img

By

Published : Jun 20, 2020, 8:20 PM IST

নিউজ ডেস্ক,20 জুনঃ ভিন্ন সুৰৰ লহৰত মুখৰিত এই গাঁও ৷ কোনো শিশুৰ জন্মৰ পূৰ্বেই এক নতুন সুৰৰ সুহুৰি তৈয়াৰ কৰি ৰাখে মাতৃয়ে ৷ আনকি সুন্দৰ সুহুৰি বজাব পৰা যুৱকলৈ এই গাঁওখনৰ আটাইকতকৈ সুন্দৰ ৰমনী গৰাকীকো বিয়া দিয়া হয় ৷ নাই কোনো নাম অথবা কোনো শব্দৰ ব্যৱহাৰ ৷ পখাৰ কাকলি,নান প্ৰকৃতিক উৎসৰ পৰা ভাঁহি অহা শব্দৰ পৰাই সুৰ সংৰক্ষিত কৰি ৰাখে গাঁওখনৰ লোকে ৷

গাঁওখনৰ নাম কংথং ৷ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় 55 কিলোমিটাৰ নিলগত পাহাৰেৰে আবৃত্ত হৈ আছে এই গাঁওখন ৷ গাঁওখনৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যমৰূপে সুহুৰি যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে ৷ এই প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছে তাক লৈ গাঁওখনৰ লোকৰ মাজত প্ৰচলিত হৈ আহিছে ভিন্ন আখ্যান ৷ প্ৰবাদ অনুসৰি, গাঁৱৰ কাষৰ জংঘলত আছে কোনো অদৃশ্য শক্তি ৷ সেয়েহে কোনো লোককে তেওঁলোকৰ নামেৰে মতা নহয় ৷ তেওঁলোকৰ ভয় যদিহে কোনো লোকৰ নাম লৈ মতা যায় তেন্তে সেই অদৃশ্য শক্তিয়ে লোকজনক হানি কৰিব পাৰে ৷ যাৰ বাবে গাঁওখনৰ ৰাইজে এজনে আনজনক নাম ধৰি মতাৰ বিপৰীতে সুহুৰিৰে মাতে ৷

আন একাংশই কয়,এবাৰ কোনো এগৰাকী লোক ডকাইতৰ হাতত পৰিছিল তেতিয়া তেওঁ সহায়ৰ বাবে সুহুৰিৰে গাঁওবাসীক তেওঁৰ ৰক্ষা কৰিবলৈ মাতিছিল ৷ তেনেদৰে মাতোতে গাঁওবাসীয়ে আহি তেওঁক উদ্ধাৰো কৰে ৷ সেই দিনটোৰ পৰাই গাঁওখনত সুহুৰিৰে কোনো লোকক মতাৰ প্ৰচলন হৈ আহিছে ৷

মেঘালয়ৰ পূৰ্ব পৰ্বতমালাৰ নিকটৱৰ্তী এই গাঁওখনত প্ৰায় 125 টা পৰিয়ালে বসবাস কৰি আছে ৷ ইয়াৰ বাসিন্দ সকলে খেতি আৰু মৌ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে ৷ কেতিয়াবা চিকাৰ কৰিবলৈও যায় ৷ সেই সময়তে পৃথকে পৃথকে থকা তেওঁলোকৰ সতীৰ্থ সকলক মাতিবলৈ আৰু কোনো বিপদৰ সংকেত দিবলৈ তেওঁলোকে সুহুৰিৰ আশ্ৰয় লয় ৷

যেনেদৰে কোনো মাতৃয়ে জন্মৰ পূৰ্বেই নিজ সন্তানৰ নাম ভাৱি থয়, ঠিক তেনেদৰে এই গাঁওখনৰ মাতৃসকলেও তেওঁলোকৰ সন্তানৰ জন্মৰ পূৰ্বেই এটা সূহুৰি ভাৱি থয় ৷ যাৰ জৰিয়তে সদ্যোজাত শিশুটিয়ে এক সুকীয়া পৰিচয় লাভ কৰে ৷ এই সুহুৰিৰ সময় 30 ছেকেণ্ডৰ পৰা 1 মিনিট পৰ্যন্ত হ'ব পাৰে ৷ কোনো লোকৰ মৃত্যু হ'লে তেওঁৰ নিৰ্দিষ্ট সুহুৰিতেই তেওঁৰ পৰিচয় বৰ্তি থাকে ৷

ধৰ্মীয় অনুষ্ঠানতো আনকি তেওঁলোকে সুহুৰিৰ প্ৰয়োগ কৰে ৷ বিগত বৰ্ষৰ আগষ্ট মাহত ৰাজ্যসভাৰ সদস্য ৰাকেশ সিনহাই এই সুহুৰি বজোৱা সংস্কৃতিক UNESCOৰ ইণ্টেনজিবল কালছাৰেল হেৰিটেজৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ৷

লগতে চাওকঃ পৰ্যটকৰ বাবে জাকত জিলিকা কৰি তোলা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.