ETV Bharat / bharat

বিকাশ ডুবেৰ ভাতৃৰ আত্মসমৰ্পণ

গেংষ্টাৰ বিকাশ ডুবেৰ ভাতৃ দীপক ডুবে মংগলবাৰে গধুলি আদালতত আত্মসমৰ্পণ কৰে । কৃষ্ণ নগৰ আৰক্ষী থানাত ডুবেৰ বিৰুদ্ধে ৰুজো কৰা হৈছিল জালিয়াতি আৰু অপকৰ্ষণ সম্পৰ্কীয় এক গোচৰ ।

author img

By

Published : Dec 23, 2020, 2:23 PM IST

বিকাশ ডুবেৰ ভাতৃৰ আত্মসমৰ্পণ
বিকাশ ডুবেৰ ভাতৃৰ আত্মসমৰ্পণ

নেশ্য়নেল ডেস্ক , ২৩ ডিচেম্বৰ : কানপুৰৰ বিক্ৰু গাৱত ৮ আৰক্ষীক হত্য়া কৰা গেংষ্টাৰ বিকাশ ডুবেৰ ভাতৃ দীপক ডুবেই লক্ষ্ণৌ আদালতত আত্মসমৰ্পণ কৰে । মংগলবাৰে গধুলি আত্মসমৰ্পণ কৰে দীপক ডুবেই । আদালতে তেওঁক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে তেওঁৰ ওপৰত ২০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষাণা কৰিছিল । আৰক্ষী আৰু সংবাদ মাধ্য়মৰ অজ্ঞাতে আত্মসমৰ্পন কৰে দীপক ডুবে । কিন্তু বুধবাৰেহে আত্মসমৰ্পনৰ খবৰটো পোহৰলৈ আহে । বিক্ৰু হত্য়াকাণ্ডৰ পিছৰে পৰা দীপক ডুবে পলাতক আছিল আৰু শুকুৰবাৰে আৰক্ষীয়ে দীপক ডুবেৰ প্ৰায় এক কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ।

দীপক ডুবেৰ বিৰুদ্ধে কৃষ্ণ নগৰ আৰক্ষী থানাত জালিয়াতি আৰু অপকৰ্ষণ সম্পৰ্কীয় এক গোচৰও ৰুজো কৰিছে আৰক্ষীয়ে। তেওঁক ৩ জুলাই বিক্ৰু কাণ্ডৰ পিছৰে পৰা গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্য়াহত ৰাখিছিল কিন্তু আৰক্ষীৰ পৰা লুকাই থাকিবলৈ তেওঁ সক্ষম হৈছিল ।

এক সংঘৰ্ষত মৃত্য়ু হোৱা বুলি আশংকা কৰা দীপক ডুবে সোমবাৰৰ পৰাই আদালতৰ ওচৰে পাজৰে লুকাবলৈ আৰম্ভ কৰিছিল বুলি এক সূত্ৰৰ পৰা গম পোৱা গৈছে আৰু অৱশেষত আৰক্ষীৰ সেৰেঙা উপস্থিতিৰ সুযোগ লৈ আদালতত আত্মসমৰ্পণ কৰে দীপক ডুবে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ সংঘৰ্ষত পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.