ETV Bharat / bharat

COVID-19 ভেকচিনৰ বৃহৎ অংশ ভাৰতত প্ৰস্তুতৰ সম্ভাৱনা

author img

By

Published : Oct 21, 2020, 2:17 PM IST

প্ৰত্যাশিত COVID-19 ভেকচিনৰ বৃহৎ অংশ ভাৰতত প্ৰস্তুত হোৱাৰ সম্ভাৱনীয়তা প্ৰকট কৰিছে মেলিণ্ডা গে'টছ ফাউণ্ডেছনৰ চি ই অ' মাৰ্ক চুজমেনে। এক সাক্ষাৎকাৰ এই কথা প্ৰকাশ কৰি চুজমেনে কয় যে,মহামাৰীৰ সৈতে যুঁজিবলৈ ভাৰতে এতিয়া সকলো প্ৰকাৰৰ চেষ্টা চলাইছে।

COVID-19 ভেকচিনৰ বৃহৎ অংশ ভাৰতত প্ৰস্তুতৰ সম্ভাৱনা
COVID-19 ভেকচিনৰ বৃহৎ অংশ ভাৰতত প্ৰস্তুতৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ চি ই অ' মাৰ্ক চুজমেনৰ মন্তব্যই সংকটৰ সময়তো আশা ৰেঙণি কঢ়িয়াই আনিছে। শেহতীয়াকৈ এক সাক্ষাত্কাৰত মাৰ্ক চুজমেনে কয় যে,'দেশৰ শক্তিশালী আৰু বলিষ্ঠ ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ সহযোগিতাত COVID-19 ভেকচিনৰ এক বৃহৎ অংশ ভাৰতত প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে। দেশে এতিয়া এই ভয়াৱহ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ যত্পৰোনাস্তি চেষ্টা চলাইছে। কিন্তু আমি সকলোৱে আশা কৰিছো যে আগন্তুক বৰ্ষত COVID-19ৰ ভেকচিন ব্যৱহাৰ কৰিব পৰা যাব আৰু ইয়াৰ এক বৃহৎ অংশ ভাৰতত তৈয়াৰ হ'ব।'

এই ভেকচিন সমগ্ৰ বিশ্বতে সম বিতৰণৰ আৱশ্যকতাৰ কথাও তেওঁ উল্লেখ কৰে। উন্নয়নশীল আৰু উন্নত এই দুয়ো দেশতে সমানে ভেকচিন বিতৰণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। COVID-19ৰ সৈতে মোকাবিলা কৰিবলৈ বিল আৰু মেলিণ্ডা গে'টছ ফাউণ্ডেছনে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। ক'লিচন অৱ এপডেমিক প্ৰিপেয়াৰ্ডনেছ ইন'ভেছনৰ সৈতে বিল আৰু মেলিণ্ডা গে'টছ ফাউণ্ডেছনে কাম কৰি আছে,যি ভেকচিন তৈয়াৰত বিনিয়োগ কৰিবলৈ সমৰ্থন আগবঢ়াইছে।

থেৰাপেউটিক এক্সেলেৰেট'ৰ নামৰ এক ঔযধৰ বিকাশ কৰা হৈছে আৰু ইয়াৰ ব্যয়ৰ বাবে ১২৫ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰা হৈছে। ভাৰতত প্ৰস্তুত হ'বলগীয়া ভেকচিনৰ নাম COVAX ৰখা হৈছে। ভেকচিন ভাৰতসহ বিশ্বৰ বিভিন্ন দেশত বিতৰণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলিও চুজমেনে আশা ব্যক্ত কৰে। লগতে বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনে আন কেইবাগৰাকী বিনিয়োগকাৰীকো সমৰ্থন জনাইছে। জি এ ভি আই আৰু শ্ৰীৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়ায়ো ভেকচিন নিৰ্মাণত আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাত সৰৱ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.