ETV Bharat / bharat

COVID-19 ভেকচিনৰ বাবে ফাইজাৰৰ সৈতে চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ

author img

By

Published : Jul 23, 2020, 2:51 PM IST

ক’ভিড-19 ভেকচিন বিকশিত কৰা 100 মিলিয়ন ডোজ ডিচেম্বৰত সৰবৰাহ কৰাৰ অৰ্থে ট্ৰাম্প প্ৰশাসনে ফাইজাৰক কমেও 2 বিলিয়ন ডলাৰ প্ৰদান কৰিব ৷ এই চুক্তি HHS আৰু প্ৰতিৰক্ষা বিভাগৰ সৈতে এক ভেকচিন প্ৰাৰ্থীৰ বাবে কৰা হৈছে, যিয়ে একপ্ৰকাৰ কোম্পানীসমুহৰ বিকাশ সাধন কৰি আছে ৷

US signs contract with Pfizer for COVID-19 vaccine doses
COVID-19 ভেকচিনৰ বাবে ফাইজাৰৰ সৈতে চুক্তিত স্বাক্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 জুলাইঃ স্বাস্থ্য আৰু মানৱ সেৱা সচিব এলেক্স আজাৰে বুধবাৰে ঘোষণা কৰা অনুসৰি,ক’ভিড-19 ভেকচিন বিকশিত কৰা 100 মিলিয়ন ডোজ ডিচেম্বৰত সৰবৰাহ কৰাৰ অৰ্থে ট্ৰাম্প প্ৰশাসনে ফাইজাৰক কমেও 2 বিলিয়ন ডলাৰ প্ৰদান কৰিব ৷ লগতে তেওঁ কয় যে,এই চুক্তিৰ ভিতৰতে আমেৰিকাই অন্য 500 মিলিয়ন ডোজ ক্ৰয় কৰিব পাৰে ৷

আনহাতে,Pfizer Inc.আৰু BioNTech SEয়ে সুকীয়াকৈ ঘোষণা কৰি কয় যে,এই চুক্তি HHS আৰু প্ৰতিৰক্ষা বিভাগৰ সৈতে এক ভেকচিন প্ৰাৰ্থীৰ বাবে কৰা হৈছে,যিয়ে একপ্ৰকাৰ কোম্পানীসকলৰ বিকাশ সাধন কৰি আছে ৷

এই চুক্তি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ Operation Warp Speed vaccine কাৰ্যসূচীৰ অন্তৰ্গত,যিয়ে কেইবাটাও ক’ভিড-19 টীকা উৎপন্ন কৰাত সহায় আগবঢ়াইছে ৷ কাৰ্যসূচীৰ লক্ষ্য 2021 চনৰ জানুৱাৰী মাহলৈকে,য’ত এক সুৰক্ষিত আৰু প্ৰভাৱশালী ক’ভিড-19 ভেকচিনৰ 300 মিলিয়ন ডোজ সৰবৰাহ কৰা হ’ব ৷

প্ৰথম পৰ্যায়ত চৰকাৰে বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু টীকা ক্ৰয় কৰিব ৷ বুধবাৰে ড’নাল্ড ট্ৰাম্পে ব্ৰীফিঙৰ সময়ছোৱাত এই চুক্তিক এক ঐতিহাসিক চুক্তিৰূপে আখ্যা দিয়ে ৷

Pfizer Inc. আৰু BioNTech SEয়ে কয় যে, আমেৰিকান এফ ডি এ প্ৰাধিকৰণৰ পাচত উদ্ভাৱন হ’বলগীয়া প্ৰথম 100 মিলিয়ন ডোজৰ প্ৰাপ্তিত 1.95 আমেৰিকান ডলাৰ ব্যয় কৰা হ’ব ৷ আনহাতে,কোম্পানীয়ে সদৰি কৰা মতে,আমেৰিকানসকলে বিনামূলীয়াকৈ এই ভেকচিন লাভ কৰিব ৷

আগন্তুক সপ্তাহৰ প্ৰাকমূহুৰ্তত National Institutes of Health and Moderna Inc.ৰ দ্বাৰা প্ৰস্তুত কৰা এক টীকা 30,000 লোকৰ অধ্যয়নত অন্তিম পৰ্যায়ৰ পৰীক্ষা আৰম্ভ কৰিবৰ বাবে তৈয়াৰ কৰা হয়, যাতে এই ভেকচিন সুৰক্ষিত আৰু প্ৰভাৱশালী হয়নে নহয় তাক বিবেচনা কৰিব পৰা যায় ৷

পৰীক্ষাৰ পূৰ্বে ফাইজাৰে পৰ্যায়টো সম্পূৰ্ণ কৰে,যাতে কোন চাৰিটা সম্ভাৱনাপূৰ্ণ ভেকচিন অন্তিম অধ্যয়নত প্ৰয়োগ কৰিব পৰা যাব,তাক নিৰ্ধাৰণ কৰিব পৰা যায় ৷

জনছ্ হপকিন্স ইউনিভাৰ্চিটিৰ দ্বাৰা প্ৰস্তুত কৰা এক প্ৰতিবেদন অনুসৰি, ক’ভিড-19ৰ টীকা ব্যৱহাৰ কৰিবলৈ অন্য দেশসমূহেও আগ্ৰহী প্ৰকাশ কৰাৰ লগতে অপেক্ষাৰত হৈ আছে ৷ ইয়াৰ বাবে ইতিমধ্যে 617,000 লোক মৃত্যুমুখত পৰিছে ৷ প্ৰায় 4 মিলিয়ন আমেৰিকান নতুনকৈ ক’ভিড-19ত আক্ৰান্ত হৈছে আৰু প্ৰায় 142,000 লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : হায়দৰাবাদৰ EFL বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.