ETV Bharat / bharat

কিশোৰীয়ে নৃত্য কৰিলেহে এজাহাৰ গ্ৰহণ কৰা এগৰাকী আৰক্ষী বিষয়া - উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশৰ কানপুৰৰ গোবিন্দ নগৰ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই এগৰাকী কিশোৰীক ভাড়াঘৰৰ মালিকৰ ভতিজাকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাবে নৃত্য কৰিবলৈ আদেশ দিয়াৰ পাচত কিশোৰী গৰাকীয়ে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে ৷ গোবিন্দ নগৰৰ চক্ৰ বিষয়া বিকাশ কুমাৰ পাণ্ডেই সদৰি কৰা মতে, ভাড়াঘৰ দখল সন্দৰ্ভত প্ৰথম অৱস্থাৰ পৰাই দুয়োপক্ষৰ মাজত বিবাদ চলি আছিল ৷

UP Police officer asks girl to dance before filing FIR
কিশোৰীক নৃত্য কৰিবলৈ আদেশ
author img

By

Published : Aug 16, 2020, 4:59 PM IST

নিউজ ডেস্ক, 16 আগষ্ট: উত্তৰ প্ৰদেশৰ কানপুৰত এগৰাকী কিশোৰীৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ভিডিঅ’ত অভিযোগ উত্থাপন কৰা অনুসৰি, গোবিন্দ নগৰ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই কিশোৰী গৰাকীক ভাড়াঘৰৰ মালিকৰ ভতিজাকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাবে নৃত্য কৰিবলৈ আদেশ দিয়ে ৷

16 বছৰীয়া কিশোৰী গৰাকীয়ে ভিডিঅ’যোগে অভিযোগ উত্থাপন কৰে যে, আৰক্ষী বিষয়াজনে তেওঁক আৰক্ষী থানাত মাতি নি নৃত্য কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে, কিশোৰী গৰাকী গোবিন্দ নগৰৰ ডাবাউলীৰ পশ্চিম প্ৰান্তত ভাড়াঘৰত বাস কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰী গৰাকীৰ পৰিয়াল ‘জাগৰণ’ পাৰ্টীৰ সৈতে জড়িত ৷ পৰিয়ালে জনোৱা মতে, ভাড়াঘৰৰ মালিকৰ ভতিজাকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ কিয়নো মালিকৰ ভতিজাকে কিশোৰী গৰাকীক বেয়া ব্যৱহাৰ কৰাৰ উপৰিও কিছুদিন পূৰ্বে কিশোৰী গৰাকীৰ পৰিয়ালক ভাড়াঘৰৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰিছিল ৷

আনহাতে, কিশোৰী গৰাকীৰ মাতৃয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, মালিকৰ ভতিজাক আৰ্থাৎ অভিযুক্ত অনুপ যাদৱে 26 জুলাইত তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ৷ ইয়াৰ পাচত পুনৰ 7 আগষ্টত কিশোৰী গৰাকীয়ে বজাৰৰ পৰা ঘৰ অভিমুখে আহি থকাৰ সময়ত তেওঁক বেয়া ব্যৱহাৰ কৰে ৷ কিশোৰী গৰাকীয়ে গোবিন্দ নগৰৰ আৰক্ষী বিষয়া অনুৰাগ মিশ্ৰাক এই কথা অৱগত কৰাৰ পাচত আৰক্ষী বিষয়াজনে কিশোৰী গৰাকীক নৃত্য কৰিবলৈ নিৰ্দেশ দিয়ে ৷

গোবিন্দ নগৰৰ চক্ৰ বিষয়া বিকাশ কুমাৰ পাণ্ডেই সদৰি কৰে যে, ভাড়াঘৰ দখল সন্দৰ্ভত প্ৰথম অৱস্থাৰ পৰাই দুয়োপক্ষৰ মাজত বিবাদ চলি আছিল ৷ ইয়াৰোপৰি তেওঁ কয় যে, এই অভিযোগৰ কোনো তাৎপৰ্য নাই ৷ আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কিশোৰী গৰাকীয়ে ভিডিঅ’টি ভাইৰেল কৰিছিল ৷ অৱশ্যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ বিজেপি বিধায়কৰ ওপৰত যৌন শোষণৰ অভিযোগ মহিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.