ETV Bharat / bharat

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ চীনা নাগৰিক

author img

By

Published : Jan 28, 2021, 12:07 PM IST

Updated : Jan 28, 2021, 12:14 PM IST

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হয় এজন চীনা নাগৰিক ৷ উত্তৰ প্ৰদেশ সন্ত্ৰাসবাদী বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰা হয় লোকজনক ৷ লোকজন চান জি য়িং ওৰফে ডেভিড বুলি জানিব পৰা গৈছে ৷

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ চীনা নাগৰিক
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ চীনা নাগৰিক

নিউজ ডেস্ক,28 জানুৱাৰী: উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰে এজন চীনা লোকক ৷ ভুৱা নথি পত্ৰৰে ক্ৰয় কৰা চিম কাৰ্ডৰ ভিত্তিত খোলা অনলাইন বেংক একাউণ্টৰ জৰিয়তে বৃহৎ পুঁজি স্থানান্তৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোকজন ৷ গ্ৰেপ্তাৰ হোৱা চীনা লোকজন চান জি ইয়ং ওৰফে ডেভিড বুলি চিনাক্ত কৰা হৈছে । তেওঁক ২৬ জানুৱাৰীত গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুলি উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদী স্কোৱাড চমুকৈ ইউপিএটি এছে প্ৰকাশ কৰে এই কথা ৷ ইয়াৰ পূৰ্বেও অপৰাধী কাৰ্যকলাপত জড়িত থকা ১৪ জন ভাৰতীয় আৰু দুজন চীনা নাগৰিকক আটক কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি,ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা আন দুজন চীনা লোকে দিয়া বিবৃতিৰ ওপৰত ভিত্তি কৰা ইয়ং জড়িত থকা কথাটো পোহৰলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক গুৰগাঁৱৰ পৰা আটক কৰা হৈছিল । ইয়ংঙৰ ব্যৱসায়িক ভিছাৰ সময়সীমা ২০২১ চনৰ জানুৱাৰীত শেষ হৈছে এটিএছে প্ৰকাশ কৰে ৷ বৰ্তমান ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷

ইয়াৰ লগতে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি,বহু চীনা লোকে ভুৱা নথি-পত্ৰৰে প্ৰায় 500খন চিম উলিয়াই এনেদৰে ধন আত্মসাতৰ দৰে কাৰ্য কৰি আছে ৷ এই ভুৱা চিমেৰে হোৱাটছ এপ পঞ্জীয়ন কৰি বহু অপৰাধ সংঘটিত কৰি আহিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনৰ আত্মহত্যা

Last Updated : Jan 28, 2021, 12:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.