ETV Bharat / bharat

অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অপ্ৰত্যাশিত প্ৰস্তুতিৰ প্ৰয়োজন - কৰ'ণাৰ মৃতদেহ

নতুন ৰোগ বাবে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা সন্দেহ কৰা বা আক্ৰান্ত বুলি নিশ্চিত প্ৰমাণ লাভ কৰা লোক এজনৰ মৃতদেহৰ কেনেদৰে সৎকাৰ কৰা হ’ব তাক লৈ জ্ঞানৰ সীমাবদ্ধতা আছে বুলি নিৰ্দেশাৱলীত স্বীকাৰ কৰি এই নিৰ্দেশাৱলী বৰ্তমানৰ ‘epidemiological’ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত বুলি উল্লেখ কৰিছে । মৃতদেহটো লীক-প্ৰুফ এটা প্লাষ্টিক বেগত থ’ব লাগিব । মৃতদেহৰ বেগটো এক শতাংশ হাইপক্ল’ৰাইটেৰে বীজাণুমুক্ত কৰিব পাৰি । এই মৃতদেহৰ বেগটো পৰিয়ালে দিয়া মৃতদেহ সৎকাৰৰ কাপোৰেৰে মেৰিয়াব পাৰি ।

Unprecedented Situations Call for Unprecedented Preparations
অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে অপ্ৰত্যাশিত প্ৰস্তুতিৰ প্ৰয়োজন
author img

By

Published : Mar 30, 2020, 12:13 PM IST

এক অপ্ৰত্যাশিত তীব্ৰতাত ভাৰতবৰ্ষই জনস্বাস্থ্যৰ সংকটৰ সন্মুখীন হৈ আহিছে । স্বাস্থ্যৰ কোনো দুৰ্যোগে কেতিয়াও দেশখনক সম্পূৰ্ণৰূপে স্তব্ধ কৰা নাছিল । অধিকাংশ ভাৰতীয়ৰ বাবে লকডাউন এক অচিনাকি শব্দ । কৰ’না ভাইৰাছ বা ক’ভিড-১৯ বিয়পাটো প্ৰতিৰোধ কৰাৰ বাবে আৰু স্বাস্থ্য আৰু চাফাই কৰ্মী, নিৰাপত্তাৰক্ষীসকলৰ নিঃস্বাৰ্থ সেৱাৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চত আহ্বাজন জনোৱা দেশজোৰা লকডাউনৰ পাছতহে বহুতে শব্দটোৰ অৰ্থ বুজি পাইছে ।

মাৰ্চৰ পৰা কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশখনে যুঁজাৰ সময়তে চৰকাৰখনে আন এক সমস্যাৰ সন্মুখীন হৈছে । নিগামবোধ ঘাটৰ কৰ্তৃপক্ষই ১৩ মাৰ্চত ক’ভিড-১৯ ত আক্ৰান্ত হৈ এগৰাকী ৮৬ বছৰীয়া মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলৈ অমান্তি হয় । এনেধৰণৰ মৃতদেহ কি কৰা হ’ব তাৰ বাবে স্পষ্ট নীতি-নিৰ্দেশনা নাই ।

তেওঁক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা আৰ এম এল হাস্পতালৰ চিকিৎসকৰ মধ্যস্থতাত এখন বৈদ্যুতিক শ্মশানত মহিলাগৰাকীৰ সৎকাৰ কৰা হয় । পৰিয়ালটোৱে কৰ্তৃপক্ষৰ হস্তক্ষেপৰ বাবে শ্মশানত দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হোৱাত বিষয়টো সংবাদ মাধ্যমে প্ৰচাৰ কৰে ।

এয়াই একমাত্ৰ ঘটনা নহয় । বিহাৰৰ এখন গাঁৱত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহটো পৰিয়ালৰ লোকসকলে সৎকাৰ কৰিবলৈ ঘৰতে বহু সময় ৰাখি থ’বলগীয়া হয় । ঘৰখনত বৃহৎ জন সমাগমৰ সৃষ্টি হয় যাৰ বাবে সমগ্ৰ গাঁওখনকে কোৱাৰেণ্টাইনত ৰাখিবলগীয়া হয় । কলকাতাত আন এগৰাকী লোকৰ মৃতদেহটো চমজি ল’বলৈ পৰিয়ালৰ লোকসকল আগবাঢ়ি নহাৰ লগতে শ্মশানৰ লোকসকলে সংক্ৰমণৰ আশংকাত সৎকাৰ কৰিবলৈ অমান্তি হয় । দহ ঘণ্টাৰ পাছত অৱশেষত মৃতদেহটো এখন ইলেকট্ৰিক শ্মশানত সৎকাৰ কৰা হয় ।

স্বাস্থ্য আৰু পিয়াল কল্যাণ মন্ত্ৰণালয়ে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহৰ ব্যৱস্থা তথা পৰিবহন আৰু শেষকৃত্য সম্পৰ্কে নিৰ্দেশনা দিছে । যদিও মৃতদেহৰ ক্ষেত্ৰত সাৱধানতা, সংক্ৰমণ ৰোধ, পাৰিপাৰ্শ্বিক সংক্ৰমণ ৰোধ আদিৰ ক্ষেত্ৰত নিৰ্দেশাৱলী জাৰি কৰাৰ পাছতো ভাৰতত অধিকাংশ মৃতদেহ মুকলিভাৱে সৎকাৰ কৰা হয় বাবে কিছু চিন্তাৰ উদ্ৰেক হয় । যদিও মহানগৰসমূহত ইলেকট্ৰিক শ্মশানৰ সুবিধা আছে, জিলা আৰু গাঁওসমূহত নদীৰ পাৰত শেষকৃত্য সম্পন্ন কৰা হয় বাবে পাৰিপাৰ্শ্বিক বিষাক্ত হোৱাৰ আশংকা কৰা হৈছে যদিহে নিৰ্ধাৰিত নিৰ্দেশাৱলী পালন কৰা নহয় ।

শ্মশান বা কবৰ স্থানৰ ছেনিটাইজেশ্বনৰ ওপৰত গুৰুত্ব দিলে ক’ভিড-১৯ ৰ পৰা অধিক সংক্ৰমণ হোৱাৰ আশংকা নাই বুলি নিৰ্দেশাৱলীত কোৱা হৈছে আৰু হাতৰ পৰিচ্ছন্নতা তথা মুখা আৰু হাতমোজা পিন্ধাটো স্মশানৰ কৰ্মচাৰীসকলৰ বাবে অনিবাৰ্য বুলি উল্লেখ কৰা হৈছে ।

কৰ্মচাৰীসকলৰ লগতে পৰিয়ালৰ লোকসকলে শেষবাৰৰ বাবে মৃতদেহৰ বেগৰ মুখৰ অংশৰ চেইন খুলি মৃতদেহটো চাব পাৰিব আৰু ধৰ্ম পুথি পাঠ, মুখত পানী ছটিয়াই দিয়া আদি মৃতদেহক স্পৰ্শ কৰিব নলগা ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিব পাৰিব । মৃতদেহক গা ধোৱাই দিয়া, চুম্বন আৰু আলিংগন কৰাত নিৰ্দেশাৱলীত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে । স্মশান বা কবৰ স্থানৰ কৰ্মীসকল আৰু পৰিয়ালৰ লোকসকলে সৎকাৰ বা কবৰস্থ কৰাৰ পাছত ভালকৈ হাত ধোৱাটো নিশ্চিত কৰিব লাগিব ।

নিৰ্দেশাৱলীৰ মতে ছাইখিনিয়ে কোনো বিপদৰ সৃষ্টি নকৰে আৰু সংগ্ৰহ কৰিব পাৰে । অৱশ্যে সামাজিক দূৰত্বৰ উপায় হিচাপে শ্মশান বা কবৰস্থানত বহু সংখ্যক লোকৰ সমাগমৰ পৰা বিৰত থকা উচিত কিয়নো পৰিয়ালৰ ঘনিষ্ঠ লোকৰ এই ৰোগৰ লক্ষণ বা হোৱাৰ সম্ভাৱনা থাকিব পাৰে । নিৰ্ধাৰিত সাৱধানতা যেনে হাতমোজা আৰু মুখা পিন্ধা আদি নিয়মমতে কৰিলে ক’ভিড-১৯ত আক্ৰান্ত লোক এজনৰ পৰিয়াল বা স্বাস্থ্য কৰ্মীসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দাবী কৰিছে কিয়নো ক’ভিড-১৯ সংক্ৰমণৰ মূল বাহক হৈছে ড্ৰপলেট ।

নতুন ৰোগ বাবে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা সন্দেহ কৰা বা আক্ৰান্ত বুলি নিশ্চিত প্ৰমাণ লাভ কৰা লোক এজনৰ মৃতদেহৰ কেনেদৰে সৎকাৰ কৰা হ’ব তাক লৈ জ্ঞানৰ সীমাবদ্ধতা আছে বুলি নিৰ্দেশাৱলীত স্বীকাৰ কৰি এই নিৰ্দেশাৱলী বৰ্তমানৰ ‘epidemiological’ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত বুলি উল্লেখ কৰিছে ।

মৃতদেহটো লীক-প্ৰুফ এটা প্লাষ্টিক বেগত থ’ব লাগিব । মৃতদেহৰ বেগটো এক শতাংশ হাইপক্ল’ৰাইটেৰে বীজাণুমুক্ত কৰিব পাৰি । এই মৃতদেহৰ বেগটো পৰিয়ালে দিয়া মৃতদেহ সৎকাৰৰ কাপোৰেৰে মেৰিয়াব পাৰি ।

এই নিৰ্দেশাৱলীক সময়োপযোগী আৰু আদৰণীয় পদক্ষেপ বুলি ক’ব পাৰি । কিন্তু চৰকাৰে এয়া নিশ্চিত কৰিব লাগিব যে এই নিৰ্দেশাৱলী সঠিক স্থানত পায় যাতে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় । পৰিবহন আৰু বাহনৰ ছেনিটাইজেশ্বন, কৰ্মচাৰীসকলক সচেতন আৰু প্ৰশিক্ষিত কৰি তোলাটো প্ৰয়োজন । জনসাধাৰণক বিভিন্ন পৰ্যাত নিয়মসমূহৰ বিষয়ে জনোৱাটোও প্ৰশাসনৰ দায়িত্ব । হাত ধোৱা, ছেনিটাইজেৰ ব্যৱহাৰ আৰু ঘৰৰ ভিতৰত থকাৰ বাবে চৰাকৰে গ্ৰহণ কৰা ব্যাপক অভিযানৰ ইও এচা অংশ হৈ উঠিব লাগিব ।

ভাৰতে প্ৰায় এই বেমাৰ আৰু মৃত্যুক নিয়ন্ত্ৰণ কৰিছে । মৃত্যুৰ হাৰ নিম্নগামী হৈ থাকিলে সৎকাৰ কৰাটো ডাঙৰ বিষয় নহয়, কিন্তু এনে এক অপ্ৰত্যাশিত আৰু অনিশ্চিত পৰিস্থিতিত কোনো কথাকে সহজভাৱে ল’ব নালাগে । গতিকে ভাৰত সাজু হৈ থাকিব লাগিব আৰু এই বিষয়টোক ক’ভিড-১৯ বিৰোধী অভিযানৰ অংশ কৰিব লাগিব ।নিষ্ক্ৰিয়া হৈ থকাতকৈ সাজু হৈ থকাটো অধিক জৰুৰী । ভাৰতবৰ্ষই এতিয়ালৈকে ইয়াৰ সক্ষমতা আৰু ৰাজনৈতিক আগ্ৰহক সদিচ্ছাক প্ৰমাণ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.