ETV Bharat / bharat

লক ডাউনঃ খাদ্য সংকটত ভাৰত-বাংলাদেশৰ সীমান্তস্থিত ত্ৰিপুৰাৱাসী - ভাৰত-বাংলাদেশ

লক ডাউনৰ বাবেই ত্ৰিপুৰাৰ কালী কৃষ্ণ গাঁৱত দেখা দিছে খাদ্য সংকটে । ভাৰত-বাংলাদেশৰ সীমান্তৰ অতি স্পৰ্শকাতৰ ঠাইত অৱস্থিত এই গাঁৱখনত খাদ্য সংকটৰ লগতে চিকিৎসা ব্যৱস্থাৰ বাবেও নাই কোনো সুবিধা ।

লক ডাউন
লক ডাউনঃ খাদ্য সংকটত ভাৰত-বাংলাদেশৰ সীমান্তস্থিত ত্ৰিপুৰাৱাসী
author img

By

Published : Apr 11, 2020, 7:05 PM IST

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত সংকটে দেখা দিছে ত্ৰিপুৰাৰ কালী কৃষ্ণ গাঁৱত । দিন হাজিৰা কৰি খোৱা গাঁৱখনত বৰ্তমান দেখা দিছে খাদ্য সংকটে । তাৰোপৰি গাঁৱখনত মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নাই কোনো চিকিৎসা ব্যৱস্থা ।

লক ডাউন
লক ডাউনঃ খাদ্য সংকটত ভাৰত-বাংলাদেশৰ সীমান্তস্থিত ত্ৰিপুৰাৱাসী

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত এই গাঁৱখনত বিগত ২৪ মাৰ্চৰ পৰা আবদ্ধ হৈ আছে জাহাংগীৰ হুছেইন নামৰ এজন কৃষক । ৪২ বছৰীয়া কৃষকজনে এজন সংবাদদাতাৰ আগত প্ৰকাশ কৰা অনুসৰি, " মই নাজোনো সহায়ৰ বাবে কাৰ লগত সম্পৰ্ক কৰিব লাগে । ভাৰতীয় পক্ষৰ বিষয়াসকলে গেট খুলি দিয়া নাই । সেই বাবে মই ইয়াত আবদ্ধ হৈ পৰিলো ।

আনহাতে, চুবুৰীয়া চন্দ্ৰ নগৰ গাঁৱৰ এজন নিবাসীৰ ভাষ্য অনুসৰি, কৃষকজনে বাংলাদেশত প্ৰৱেশ কৰি শাক-পাচলি লগতে অন্য উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে গাঁৱখনত আবদ্ধ হ'বলগীয়া হয় ।

উল্লেখ্য যে, ভাৰতে ১৯৭১ চনত ইন্দিৰা-মুজীব চুক্তি অনুসৰি, বাংলাদেশৰ সৈতে ভাৰতে ৪,০৯৬ কিল'মিটাৰ সীমাৰ দূৰত্বৰ শূন্য ৰেখাৰ ব্যৱধানত ১৫০ মিটাৰ আগত কাইটীয়া তাঁৰ স্থাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.