ETV Bharat / bharat

একেটা পৰিয়ালৰ তিনিজনৰ প্ৰাণ কাঢ়িলে ব্ৰজপাতে

author img

By

Published : Sep 16, 2020, 2:05 PM IST

এটা পৰিয়ালৰে তিনিজন লোকৰ প্ৰাণ একেলগে কাঢ়ি নিলে ব্ৰজপাতে ৷ পথাৰত কাম কৰি থাকোতেই একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু ৷ পৰিয়ালটোৰ তিনিগৰাকী সদস্যৰ লগতে মঙলবাৰে আবেলি ব্ৰজপাতে কাঢ়ি নিলে মুঠ সাত গৰাকীকৈ লোকৰ প্ৰাণ ৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা ৷

মধ্যপ্ৰদেশত ব্ৰজপাতে কাঢ়ি নিলে সাতজনৰ প্ৰাণ

নেশ্যনেল ডেস্ক, 16 চেপ্তেম্বৰ: মধ্যপ্ৰদেশত প্ৰচুৰ বৃষ্টিপাতৰ লগতে হোৱা ব্ৰজপাতে মঙলবাৰে আবেলি কাঢ়ি নিলে সাত গৰাকীকৈ লোকৰ প্ৰাণ ৷ এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে একেটা পৰিয়ালৰে তিনিজনৰ সৈতে ব্ৰজপাতত মুঠ সাত গৰাকী লোকৰ মৃত্যু হয় ৷ মধ্যপ্ৰদেশৰ দামোহ জিলাৰ গ্ৰামাঞ্চলত হোৱা পৃথক ঘটনাত এই মৃত্যুৰ বাতৰি পোৱা গৈছে ৷ দামোহৰৰ আৰক্ষী অধীক্ষক হেমন্ত চৌহানে অৱগত কৰে যে, চ'টি লামটি গাঁৱৰ এটা পৰিয়ালৰ সদস্যসকলে পথাৰত কাম কৰি থকা অৱস্থাতে ব্ৰজপাতৰ ফলত মৃত্যুক সাৱটি লয় ৷ নিহত লোক কেইজন হৈছে লখন যাদৱ (35), তেওঁৰ পত্নী সাৱিত্ৰী (32) আৰু তেওঁলোকৰ সৰু পুত্ৰ নৰেন্দ্ৰ (7) ৷ আনহাতে তেওঁলোকৰ অন্যজন পুত্ৰ চ'টো (12) অতি সংকটজনকভাৱে আঘাতপ্ৰাপ্ত হয় ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে একেখন গাঁৱৰে জালাম আদিবাসী (21) আৰু প্ৰেমবাই (50) নামৰ অন্য দুগৰাকী লোকেও পথাৰত কাম কৰি থকা অৱস্থাতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোঁৱালি লয় ৷ লগতে সত্ৰীয়া আৰু কোঁৱৰপুৰ গাঁৱৰ 38 আৰু 48 বছৰ বয়সৰ দুগৰাকী লোকৰো মৃত্যুৰ খবৰ পোৱা গৈছে ৷

আবতৰীয়া বৰষুণ আৰু ব্ৰজপাতে জিলাখনত একেটা দিনতে বহুজন লোকৰ প্ৰাণ কাঢ়ি নিয়া এইটোৱেই সম্ভৱত প্ৰথমটো ঘটনা ৷ বিগত 10 ছেপ্তেম্বৰতো মধ্যপ্ৰদেশৰ বাৰৱানি জিলাত পথাৰত কাম কৰি থকা অৱস্থাতে 6 জনকৈ লোকে মৃত্যুক সাৱটি লৈছিল ৷ একেদৰে উত্তৰ প্ৰদেশৰো ভিন্ন প্ৰান্তত ব্ৰজপাতৰ ফলতে 13 জন লোকে প্ৰাণ হেৰুৱাই ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে নিহত সকলৰ পৰিয়ালবৰ্গলৈ 8 লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে ৷

লগতে পঢ়ক: একেদিনাই বজ্ৰপাতত মৃত্যু 24 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.