ঘৰলৈ বুলি একেৰাহে 10 দিন খোজ কাঢ়িলে গৰ্ভৱতী মহিলাই - চুৰাটৰ পৰা ভৰতপুৰলৈ খোজ
ৰাজনৈতিক নেতাই কোনো শ্ৰমিক এতিয়া আৰু খোজ কাঢ়ি আহা নাই বুলি দাবী কৰি থকাৰ সময়ত বাস্তৱক্ষেত্ৰত দেখা গ'ল বুকু কঁপি উঠা এক ছবি । সুনন্দি দেৱী নামৰ 7 মহীয়া গৰ্ভৱতী মহিলাগৰাকীয়ে নিজ পৰিয়ালৰ সৈতে খোজ কাঢ়ি ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশৰ কাছগঞ্চলৈ যায় ।
নিউজ ডেস্ক, 22 মে': যি সময়ত এগৰাকী গৰ্ভৱতী মহিলাক আটাইতকৈ অধিক প্ৰয়োজন জিৰণি আৰু খাদ্যৰ তেনে সমসত 7 মহীয়া গৰ্ভৱতী মহিলা এগৰাকীয়ে একেৰাহে 10 দিন খোজ কাঢ়ি উপস্থিত হয় নিজ গৃহত ।
সুনন্দি দেৱী নামৰ মহিলা গৰাকীয়ে বিগত দহ দিন ধৰি নিজ পৰিয়ালৰ সৈতে একেলগে ৰাজস্থানৰ চুৰাটৰ পৰা ভৰতপুৰলৈ খোজ কাঢ়ে । মহিলা গৰাকীয়ে কোনো লোকক সহায়ৰ বাবে অনুৰোধ কৰে যদিও সকলোৱে তেওঁক সহায় কৰিবলৈ অস্বীকাৰ কৰে ৷ উত্তৰ প্ৰদেশৰ ভৰতপুৰৰ সীমান্তত মহিলা গৰাকী আৰু পৰিয়াল বুধবাৰে উপস্থিত হয় । তেওঁলোক উত্তৰ প্ৰদেশৰ কাছগঞ্চলৈ বুলি ৰাওনা হৈছিল ।
উল্লেখ্য যে, বিগত তিনিদিনৰ পৰা শ্ৰমিক কঢ়িওৱা বাছক লৈ উত্তৰ প্ৰদেশত কংগ্ৰেছ-বিজেপিৰ মাজত চলি আছে ৰাজনৈতিক বাক-বিতণ্ডা । কংগ্ৰেছে প্ৰৱজিত শ্ৰমিকক কঢ়িয়াবলৈ প্ৰদান কৰিছিল বাছ । কিন্তু, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে আন্তঃৰাজ্যিক বাছসমূহ ভৰতপুৰ জিলাৰ আনছা্ নাগলা সীমান্তৰ পৰা ভিতপৃৰত প্ৰৱেশৰ অনুমতি নিদি তাতেই আবদ্ধ কৰি ৰাখে ।
তেনে সময়তে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কয় যে, উত্তৰ প্ৰদেশ চৰকাৰে যদি বিজেপিৰ পতাকা আৰি বাছ সমূহ নিব বিছাৰে তেনেহ'লে তেওঁলোকে এই কাম কৰিব পাৰে ৷