ETV Bharat / bharat

ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ - পৰিৱেশ দূষিত

ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলোৱা নিষিদ্ধ কৰাৰ বাবে ইণ্ডোৰৰ এটা পৰিয়ালে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে । পৰিয়ালটোৰ অভিযোগ অনুসৰি,ইণ্ডোৰত ৰাৱণৰ এটা মন্দিৰ নিৰ্মাণ কৰিছে য'ত প্ৰতিবছৰে ৰাৱণক পূজা অৰ্চনা কৰা হয় ৷ তেওঁলোকে আকৌ জনাই যে,দেশজুৰি ৰাৱণক জ্বলোৱাৰ ঐতিহ্য আছে কিন্তু বহু লোকে ৰাৱণক শিৱৰ অৱতাৰ বুলি গণ্য কৰে ৷ গতিকে,তেনেক্ষেত্ৰত ৰাৱণক জ্বলোৱাটো উচিত নহয় বুলি উল্লেখ কৰে ৷

This family in Indore has objections with burning of effigy of Ravana, has filed a Petition in Supreme Court to stop combustion
ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ
author img

By

Published : Oct 28, 2020, 5:12 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ : সমগ্ৰ দেশত ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলোৱা নিষিদ্ধ কৰাৰ বাবে ইণ্ডোৰৰ এটা পৰিয়ালে উচ্চতম আদালতত এখন আবেদন দাখিল কৰিছে । পৰিয়ালটোৰ অভিযোগ অনুসৰি,ইণ্ডোৰত ৰাৱণৰ এটা মন্দিৰ নিৰ্মাণ কৰিছে য'ত প্ৰতিবছৰে ৰাৱণক পূজা অৰ্চনা কৰা হয় ৷ তেওঁলোকে আকৌ জনাই যে,দেশজুৰি ৰাৱণক জ্বলোৱাৰ ঐতিহ্য আছে কিন্তু বহু লোকে ৰাৱণক শিৱৰ অৱতাৰ বুলি গণ্য কৰে ৷ গতিকে,তেনে ক্ষেত্ৰত ৰাৱণক জ্বলোৱাটো উচিত নহয় বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে,ইণ্ডোৰৰ পাৰ্দেছিপুৰাত ৰাৱণশ্বৰ মহাদেৱৰ মন্দিৰ হৈছে ৰাৱণৰ পূজা কৰা এটা মন্দিৰ ৷ বহু বছৰ আগতে ৰাৱণক শিবৰ অৱতাৰ বুলি বিবেচনা কৰি ৰাৱণৰ মূৰ্তি জ্বলোৱা প্ৰথাৰ বিপক্ষ কৰা আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

যাৰবাবে পৰিয়ালটিয়ে প্ৰতিবছৰে ৰাৱণ জ্বলোৱা বন্ধৰ দাবী জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে যাৰ শুনানি বৰ্তমানেও চলি আছে । ইফালে ৰাৱণৰ ভক্তসকলে বিশ্বাস কৰে যে,ৰাৱণৰ মূৰ্তি জ্বলোৱাৰ কোনো লিখিত ঐতিহ্য নাই । ইয়াৰ উপৰিও,তেওঁলোকে দাবী জনাই যে,প্ৰতিবছৰে ৰাৱণ জ্বলাই পৰিৱেশ দূষিত কৰি আহিছে যি উদ্ভিদৰ বাবেও বিপদজনক ।

আনহাতে,ৰাৱণৰ সৈতে মধ্য প্ৰদেশৰ সম্পৰ্কৰ ইতিহাস বিশ্লেষণ কৰি পৰিয়ালটিয়ে কয় যে,ৰাৱণে মান্দচুৰৰ ৰজা দৰ্শ ৰজাৰ কন্যা মাণ্ডোদাৰীক বিবাহ কৰাই । তাৰ পিচত,দশপুৰক মান্দছৰ নামেৰে নামাকৰণ কৰা হয় য'ত খানপুৰাত ৰাৱণৰ আৰাধনা কৰা হয়। উক্ত স্থানত এটা 800 বছৰীয়া ৰাৱণৰ মূৰ্তি আছে। লগতে, বিদিশাৰ ৰাৱণ গ্ৰামত ৰাৱণৰ 600 বছৰীয়া ক'লা পাথৰৰ মূৰ্তি আছে যিটোত গাঁওবাসীয়ে পূজা-অৰ্চনা কৰে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : শ্ৰীনগৰত NIAৰ অভিযানক লৈ মেহবুবা মুফটিৰ কটাক্ষ

ইয়াৰ উপৰিও, উজ্জ্বীৰ্ণৰ পিপলোদা গাঁৱত এটা ৰাৱণ মন্দিৰও আছে ৷ উক্ত স্থানতো দৈনিক পূজা-অৰ্চনা কৰা হয় বুলি দাবী জনাই ৷ একেদৰে, গোন্দৱানা ৰিপাব্লিক পাৰ্টিৰ বিধায়কে ছীন্দৱাৰা জিলাখনৰ অমৰৱাৰা গাঁৱত ৰাৱণ মন্দিৰ নিৰ্মাণ কৰিছে য'ত তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে পূজা কৰে। ইফালে,কানপুৰ চহৰৰ শিবলা অঞ্চলত 150 বছৰ পুৰণি এটা ৰাৱণ কৈলাশ মন্দিৰ আছে যিটো দশমীৰ দিনা খোলা হয় বুলি জানিব পৰা হৈছে ৷

আনহাতে,ৰাৱণৰ ভক্ত সকলে ৰাৱণক ভগৱান শিৱৰ অৱতাৰ হিচাপে গণ্য কৰে । ৰাৱণৰ পূজাৰী সকলৰ মতে,বহুমুখী ধাৰাৰ জ্ঞানেৰে তেওঁ এক মহান আত্মা আছিল যাৰবাবে তেওঁক জ্বলোৱাটো ভুল বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : কৰ্মচাৰীক প্ৰহাৰ কৰাক লৈ নগাঁৱৰ এটা পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.