নিউজ ডেস্ক,19 জুলাইঃ উৰিষ্যাৰ চম্বলপুৰ জিলাৰ হুমা নামৰ বিশেষ মন্দিৰটোৰ বিকাশৰ বাবে চৰকাৰৰ পৰা আৰ্থিক অনুদান বিচাৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷
মন্দিৰটো বিশ্বৰ ভিতৰতে বিখ্যাত কাৰণ বিশ্বত দুটাই হেলনীয়া মন্দিৰ আছে ৷ তাৰ ভিতৰত এই মন্দিৰটো অন্যতম ৷ এই মন্দিৰটো চম্বলপুৰৰ পৰা 23 কি.মি দক্ষিণে মহানদীৰ পাৰত হুমা নামৰ এখন গাঁৱত অৱস্থিত ৷ মন্দিৰটো হিন্দু দেৱতা ভগৱান বিমলেশ্বৰৰ নামত অৰ্পিত ৷
স্থানীয় লোক আৰু মন্দিৰ প্ৰশাসন অনুসৰি,মন্দিৰটোৰ সৌন্দৰ্যকৰণ,সংৰক্ষণৰ লগতে মন্দিৰটোৰ বিভিন্ন কাম আধৰুৱা হৈ ৰৈছিল ৷ আনকি মন্দিৰটোৰ চৌপাশে মহিলাৰ বাবে এটা প্ৰস্বাৱগাৰৰো অভাৱ ৷
স্থানীয় লোকৰ অভিযোগ,মন্দিৰটোৰ আশে পাশে থকা অঞ্চলসমূহৰ বিকাশতো চৰকাৰৰ তৰফৰ পৰা কোনো গুৰত্ব প্ৰদান কৰা নাই ৷
ইটিভি ভাৰতৰ সৈতে, ইতিহাসবিদ দীপক কুমাৰ পাণ্ডাৰ কথা বাৰ্তা হোৱাত,ইতিহাসবিদগৰাকীয়ে কয়,"যেতিয়ালৈকে সংৰক্ষণৰ ব্যৱস্থা কৰা নহয় তেতিয়ালৈকে মন্দিৰটোৱে ভৱিষ্যতে যথেষ্ট বিপদৰ সন্মুখীন হ'ব পাৰে ৷"
"আভ্যন্তৰীণ শিলৰ স্থান পৰিৱৰ্তনৰ বাবে,মহানদীত হোৱা বানৰ বাবে অন্যথা ভূমিকম্পৰ বাবেও মন্দিৰটোৱে হেলনীয়া ৰূপ ল'ব পাৰে ৷"
লগতে পঢ়কঃক'ভিড প্ৰভাৱঃছবি গংগুবাইৰ পৰা আঁতৰোৱা হ'ল অন্তৰংগ মূহুৰ্তৰ দৃশ্য