ETV Bharat / bharat

শক্তিখণ্ডৰ বজাৰত নতুন বাজী : ৰাছিয়া আৰু ছৌদি-আৰবৰ তেল যুদ্ধ

মাৰ্চ মাহৰ প্ৰাৰম্ভণিতে,কৰ'ণা ভাইৰাছ সংক্ৰমণ হৈ থকা সময়ত,চীন,দক্ষিণ কোৰিয়া আৰু অন্যান্য দেশত তেলৰ চাহিদা হ্ৰাস পায় | ছৌদি আৰবে এই সময়ত প্ৰতি বেৰেলৰ মূল্য $৫০ (প্ৰায় ৩৭৫০ টকা) লৈ হ্ৰাস পোৱাৰ বাবে উৎপাদন নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰে | কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এই প্ৰস্তাৱত সন্মত নহ’ল | ৰাছিয়াৰ এই প্ৰস্তাৱত নুই কৰাৰ ফলস্বৰূপে তেলৰ দাম ১৯৯১ চনৰ গাল্ফ যুদ্ধৰ সময়ৰ তেলৰ ন্যূনতম দামকো চেৰ পেলাই তললৈ যায় |

শক্তিখণ্ডৰ বজাৰত নতুন বাজী :ৰাছিয়া আৰু ছৌদি-আৰবৰ তেল যুদ্ধ

author img

By

Published : Mar 26, 2020, 1:27 PM IST

বৰ্তমানৰ শক্তিভোগী বিশ্বৰ কাৰণে খনিজ তেলৰ দাম হ্ৰাস-বৃদ্ধি খুবেই প্ৰয়োজনীয় বিষয় | যি সমূহ দেশ খনিজ তেল বা হাইদ্ৰ’কাৰ্বন উৎপাদন আৰু ৰপ্তানি কৰাৰ বাবে সক্ষম,সেইসমূহে সদায়ে তেলৰ দাম হ্ৰাস-বৃদ্ধিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখি আহিছে | সেয়ে এই তেল উৎপাদনকাৰী দেশবোৰৰ বিশ্ব অৰ্থনীতি আৰু ভৌগলিক ৰাজনীতিত আছে বিশাল প্ৰভাৱ |

খনিজ তেলৰ এই বিশালকায় বজাৰক নিয়ন্ত্ৰণাধীন কৰাৰ বাবে ১৫ খন সদস্য দেশ সন্মিলিত হৈ ১৯৮০ চনত তেল উৎপাদনকাৰী দেশৰ সংস্থা (Organization of Oil Producing Countries, OPEC)ৰ জন্ম হয় | ৰাছিয়া এই সংস্থাৰ সদস্য নহলেও OPEC+ৰ বৈঠকত উপস্থিত হৈ আহিছে |

অ’পেকে এতিয়ালৈ তেলৰ বজাৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰা এক সংস্থা হিচাপে কাম কৰি আছে | ইয়াৰ ওপৰি ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বোকাশিল গেছৰ (Shale Gas) প্ৰধান উৎপাদনকাৰী হিচাপে খনিজ তেলৰ মূল্য হ্ৰাস-বৃদ্ধিত কৰাত প্ৰভাৱ পেলাই আহিছে |

মাৰ্চ মাহৰ প্ৰাৰম্ভণিতে,কৰ'ণা ভাইৰাছ সংক্ৰমণ হৈ থকা সময়ত,চীন,দক্ষিণ কোৰিয়া আৰু অন্যান্য দেশত তেলৰ চাহিদা হ্ৰাস পায় | ছৌদি আৰবে এই সময়ত প্ৰতি বেৰেলৰ মূল্য $৫০ (প্ৰায় ৩৭৫০ টকা) লৈ হ্ৰাস পোৱাৰ বাবে উৎপাদন নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰে | কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এই প্ৰস্তাৱত সন্মত নহ’ল | ৰাছিয়াৰ এই প্ৰস্তাৱত নুই কৰাৰ ফলস্বৰূপে তেলৰ দাম ১৯৯১ চনৰ গাল্ফ যুদ্ধৰ সময়ৰ তেলৰ ন্যূনতম দামকো চেৰ পেলাই তললৈ যায় |

ছৌদি-আৰবে যিয়ে নিজকে তেলৰ বজাৰত শক্তিশালী বুলি ভাবি আহিছে, এই প্ৰসংগত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মোকাবিলা কৰাৰ নিৰ্ণয় কৰি দাম হ্ৰাস কৰি ছৌদি তেলৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে | ইয়াৰ ফলত তেলৰ দাম কম হৈ $৩০ (প্ৰায় ২২৫০ টকা) হয় | গ’ল্ডমেন চাচ্ছৰ মতে এই দাম ভবিষ্যতে $২০ (প্ৰায় ১৫০০ টকা) পৰ্যন্ত লাঘৱ হোৱাৰ সম্ভাৱনা আছে |

কিন্তু প্ৰশ্ন হ’ল, এই বাজীত কোন বিজেতা আৰু কোন পৰাজয়ী? খনিজ তেলৰ পৰা হোৱা মুনাফাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পিছতো ৰাছিয়াই কিয় এই অসাহসী প্ৰত্যাহ্বান ল’লে?

The Game Changer for Energy Cartels: The Russia Saudi Arabia Oil Price War
ৰাছিয়া আৰু ছৌদি-আৰবৰ তেল যুদ্ধ

পুটিনৰ এই সুনিপুণ বাজীৰ পিছত আছে বহুতো কাৰণ | প্ৰথমে, ৰাছিয়াই হাতত ইতিমধ্যে সোণ আৰু অৰ্থৰ বিশাল ভাণ্ডাৰ মজুত ৰাখিছে আৰু ২০১৫ চনৰ তেলৰ আকস্মিক মন্দাৰ সময়ৰ পৰা নিজৰ বিত্তীয় পৰিকল্পনাক কপ্‌কপীয়া কৰি তুলিছিল | ইউক্ৰেইনৰ লগত হোৱা সংঘাতৰ ফলস্বৰূপে পশ্চিমীয়া দেশে ৰাছিয়াৰ ওপৰত আৰ্থিক বৰ্জন বলবৎ কৰে আৰু ফলস্ৰুতিত ৰাছিয়াই নিজৰ অৰ্থনীতিক যুদ্ধকালীন ৰূপ দিয়ে | সেয়ে তেলৰ দাম হ্ৰাসে ৰাছিয়াৰ পৰিৱৰ্তে ছৌদি-আৰব আৰু অ’পেকৰ বাকী সদস্য ৰাষ্ট্ৰবোৰকহে বেছিকৈ আঘাত দিলে | ৰাছিয়াই ছৌদি আৰবৰ লগত সু-সম্পৰ্কৰ কথা কই যদিও ছিৰিয়াৰ আছাদ আমোলক ৰাছিয়াই কৰি অহা সামৰিক সমৰ্থনক আৰবে বিৰোধিতা কৰি আহিছে, যিয়ে ৰাছিয়াক দীৰ্ঘ-দিনৰ পৰা অসন্তুষ্ট কৰি ৰাখিছে | গতিকে এই বাজিৰ জৰিয়তে ৰাছিয়াই ছৌদি-আৰবক আঘাত দি বিশ্ব-ৰাজনীতিত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে |

দ্বিতীয়তে,আমেৰিকা যুক্তৰাষ্ট্ৰ তেল উৎপাদন, ৰপ্তানি আৰু ক্ৰয় কৰা প্ৰধান দেশ | আনহাতে বোকাশিল গেছৰ দাম বৃদ্ধি আৰু আনফালে তেলৰ দাম আৰু মুনাফাৰ সুবিধা লৈ আমেৰিকাই ৰাছিয়া আৰু ছৌদি-আৰবৰ আধিপত্যক বিশ্ব-বজাৰত প্ৰত্যাহ্বান জনাই আহিছে | কিন্তু তেলৰ মূল্যৰ এই যুদ্ধত আমেৰিকাই দাম আৰু উৎপাদন দুয়োটাই কম কৰিবলৈ বাধ্য হ’ল | ফলত ষ্টক বজাৰত আমেৰিকাৰ তেল শ্বেয়াৰৰ বিপজ্জনকভাৱে মূল্যপতন ঘটে আৰু বোকাশিল প্ৰতিষ্ঠানবোৰে ফলক্ৰমে শ্ৰমিকক কামৰ পৰা অব্যাহতি দিব লগা হয় আৰু ইয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক উদ্বেগিত কৰি ৰাখিছে |

এনেকুৱা পৰিস্থিতিয়ে পুটিনক এক মজবুত স্থিতি দিছে আৰু হয়তো এক সময়ত এই পৰিস্থিতিয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক,ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত ভাগ ল’বলৈ বাধ্য কৰি তুলিব | পুটিনে এই বাজিৰ জৰিয়তে একহাতে ট্ৰাম্পক হেঁচা দিয়াৰ লগতে আনহাতে অ’পেকক একাশৰীয়া কৰিলে | পুটিনে আমেৰিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ প্ৰধানতঃ কাৰণ হৈছে ৰাছিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা বৰ্জন হ্ৰাস কৰা | কিছুদিন পূৰ্বে ভেনিজুৱেলা যি এখন আমেৰিকাৰ দ্বাৰা আৰ্থিকভাৱে বৰ্জিত দেশ,তালৈ তেল ৰপ্তানি কৰাৰ বাবে আমেৰিকাই ৰাছিয়াৰ Rosneft নামৰ তেল প্ৰতিষ্ঠানটোৰ ওপৰত শাস্তিমূলক বৰ্জন বলবৎ কৰিছিল |

তৃতীয়তে,ৰাছিয়াই চীন আৰু ইউৰোপৰ বজাৰত তেলৰ বাবে খোপনি পুতিছে | গতিকে একপ্ৰকাৰে ক’ব গ’লে,পুটিনে টুৰুপৰ ইক্কাৰে ইতিমধ্যে বাজিখন জিকিছে | কিন্তু এতিয়া প্ৰশ্ন হ’ল,এতিয়া বাকী সাধাৰণ ক্ৰেতাৰ কি হ’ব?

বাকী ক্ৰেতাসকলৰ এই ‘মুক্ত বজাৰৰ পতন’ৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে, যিহেতু গেছৰ দাম কমিব | ডাঙৰ প্ৰতিষ্ঠানবোৰে নিজৰ চৰকাৰৰ ওপৰত বিশ্ব-বজাৰত দাম হ্ৰাস পোৱাৰ বাবে ইতিমধ্যে হেঁচা দিয়া আৰম্ভ কৰিছে | তেওঁলোকে ৰাছিয়া আৰু ছৌদি-আৰবৰ পৰা অহা সস্তীয়া সামগ্ৰীৰ ওপৰত শুল্ক লগাবলৈ আৰু স্থানীয় তেল প্ৰতিষ্ঠান আৰু শোধানাগাৰক কৰ হ্ৰাস তথা সাহায্য দিয়াৰ দাবী জনাইছে | বিশ্ব বজাৰত তেলৰ দাম কম হোৱা স্বত্বেও, ভাৰতীয় গ্ৰাহকে তাৰ পৰা এতিয়ালৈ কোনোধৰণৰ লাভ পোৱা নাই | চৰকাৰে এইখিনি সময়ত তেলৰ ওপৰত শুল্ক বঢ়াইছে যাতে অধিকৰ পৰা অধিক শুল্ক সংগ্ৰহ কৰিব পাৰে |

মুদ্ৰাস্ফীতি আৰু তেলৰ মূল্য পতনৰ উৎকণ্ঠাক বৰ্তমান ক’ৰোণা ভাইৰাচৰ উদ্বেগে পিছ পেলাইছে | হয়তো ডাঙৰ তেল প্ৰতিষ্ঠান আৰু ডাঙৰ ভেষজ প্ৰতিষ্ঠান সমূহ ভবিষ্যতলৈ বৰ্তি থাকিব | সাধাৰণ জনতাই এই বাজিত কোন বিজেতা আৰু পৰাজিত,আৰু কাৰ কি লাভ-লোকচান,সেয়া বুজি পোৱাতো খুবেই প্ৰয়োজনীয় আৰু সমাজৰ হিতৰ বাবে সমূহীয়াভাৱে কাৰ্য কৰি যাব লাগিব |

(এই নিবন্ধৰ লেখিকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন শাখাৰ পূৰ্বৰ অধ্যক্ষা,অনুৰাধা চেনয়)

লগতে চাওকঃ ৰেলৰ দবাক আইচ'লেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰৰ পৰামৰ্শ অমিতাভ বচ্চনৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.