ETV Bharat / bharat

ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ নকৰে শংকৰাচাৰ্য স্বামী ৰূপানন্দই - ৰাম মন্দিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 5 আগষ্টত ভিডিঅ’ কনফাৰেন্সযোগে ভূমি পূজন কৰিব ৰাম মন্দিৰৰ ৷

Swami Swaroopanand questions ram mandir bhumi pujan in ayodhya
ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ নকৰে শংকৰাচাৰ্য স্বামী ৰূপানন্দই
author img

By

Published : Jul 28, 2020, 10:42 AM IST

উত্তৰ প্ৰদেশ, 28 জুলাই : অযোধ্য ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ নকৰে জগতগুৰু শংকৰাচাৰ্য স্বামী ৰূপানন্দই ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰি স্বামী ৰূপানন্দই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰে ৷ অযোধ্যাৰ ৰামমন্দিৰ ভূমি পূজনক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 5 আগষ্টত ভিডিঅ’ কনফাৰেন্সযোগে ৰাম মন্দিৰৰ ভূমি পূজন কৰিব ৷

স্বামী ৰূপানন্দই ভূমি পূজনত অংশগ্ৰহণ নকৰাৰ কথা উল্লেখ কৰি কয় যে, ভূমি পূজনৰ বাবে নিৰ্দ্ধাৰণ কৰা সময় সঠিক নহয় ৷ আমি বিচাৰো ৰাম মন্দিৰ নিৰ্মাণৰ কাম সফলভাবে হওক আৰু আধাৰশিলা সঠিক সময়ত স্থাপন কৰা হওক ৷ কিন্তু বৰ্তমান ভূমি পূজনৰ বাবে নিৰ্ধাৰণ কৰা সময় শুভ নহয় ৷ তেওঁ লগতে কয় যে, ৰামভূমিত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে নে বিজেপি-আৰএছএছৰ কাৰ্যালয় স্থাপনৰ কাম কৰা হৈছে, ইয়াকে লৈ জনসাধাৰণৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ৷ স্বামী ৰূপানন্দই ৰাম মন্দিৰক ৰাজনৈতিক বিষয় সজাই বিজেপি দলে আধাৰশিলা স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : ৰাজ্যত 33576 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.