ETV Bharat / bharat

মুম্বাই উচ্চ ন্যায়ালয়ত সুশান্তৰ দুই ভগ্নী প্ৰিয়ংকা-মীতু - মুম্বাই উচ্চ ন্যায়ালয়ত সুশান্তৰ দুই ভগ্নী প্ৰিয়ংকা-মীতু

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা আৰু মীতুৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ আবেদন খাৰিজ কৰিবলৈ আহ্বান মুম্বাই উচ্চ ন্যায়ালয়ক। ৰিয়া চক্ৰৱৰ্তীৰ অভিযোগৰ ভিত্তিত সুশান্তৰ দুই ভগ্নী আৰু ৰাম মনোহৰ লোহিয়া হাস্পতালৰ চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে বান্দ্ৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰে। এই গোচৰৰ শুনানিত উপস্থিত থাকি আজি মুম্বাই উচ্চ ন্যায়ালয়ত আবেদন খাৰিজ কৰিবলৈ আহ্বান জনালে সুশান্তৰ ভগ্নী প্ৰিয়ংকা আৰু মীতুৱে।

মুম্বাই উচ্চ ন্যায়ালয়ত সুশান্তৰ দুই ভগ্নী প্ৰিয়ংকা-মীতু

author img

By

Published : Oct 6, 2020, 4:30 PM IST

চিটাৰা ডেস্ক, ৫ অক্টোবৰ: নকল প্ৰেছক্ৰিপচন প্ৰস্তুত কৰা গোচৰৰ শুনানিৰ বাবে মুম্বাই উচ্চ ন্যায়ালয়ত উপস্থিত হৈ এই অভিযোগৰ আবেদন খাৰিজ কৰিবলৈ আহ্বান জনায় সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা আৰু মীতুৱে। যোৱা ৭ ছেপ্টেম্বৰত ৰিয়া চক্ৰৱৰ্তীৰ অভিযোগৰ ভিত্তিত বান্দ্ৰা আৰক্ষীয়ে সুশান্তৰ ভগ্নী প্ৰিয়ংকা আৰু মীতু আৰু ৰাম মনোহৰ লোহিয়া হাস্পতালৰ চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। সুশান্তৰ বাবে নকল প্ৰেছক্ৰিপচন প্ৰস্তুত কৰা আৰু ৰিয়াৰ লগত আলোচনা নকৰাকৈয়ে ঔষধ সেৱন কৰোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

ন্যায়াধীশ এছ কে ছিন্দে আৰু এম এছ কৰ্ণিকৰ খণ্ড বিচাৰপীঠে মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে আৰু অতি জৰুৰীভাৱে ৰায়দানৰ প্ৰয়াজনীয়তা নাই বুলি উল্লেখ কৰি পৰৱৰ্তী শুনানি ১৩ অক্টোবৰত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। নাৰ্ক'টিক্স ড্ৰাগছ ছাবটেনছ অধিনিয়ম, ১৯৮৫ৰ অধীনত সুশান্তৰ দুই ভগ্নী আৰু চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। শুনানিত সুশান্ত দুই ভগ্নীয়ে কয় যে, এই গোচৰ কেৱল সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ বাতৰিৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে আৰু এয়া বিসংগতিপূৰ্ণ।

যোৱা ৮ জুনত প্ৰেছক্ৰিচনত উল্লেখ থকা ঔষধবোৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, যিদিনা ৰিয়া সুশান্তৰ ঘৰৰ পৰা গুচি গৈছিল। ৰিয়াৰ আবেদনত কোৱা হৈছে যে, সুশান্তৰ মৃত্যুৰ প্ৰাথমিক তদন্তৰ পৰা স্পষ্ট হৈছে যে, ইয়াত কোনো অপৰাধজনিত ঘটনা জড়িত হৈ থকা নাই। চিকিৎসক তৰুণ কুমাৰে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া ঔষধ সুশান্তে সঠিক পৰিমাণত সঠিক সময়ত গ্ৰহণ কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ নাই।

লগতে পঢ়ক : 'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.