ETV Bharat / bharat

সুশান্ত সিং ৰাজপুত কাণ্ড: চিবিআইৰ তদন্তৰ বাবে DRDOৰ অতিথিশালাত উপস্থিত সিদ্ধাৰ্থ পিথানি

author img

By

Published : Aug 23, 2020, 4:25 PM IST

শনিবাৰে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বান্দ্ৰাস্থিত বাসগৃহ পৰিদৰ্শন কৰে চিবিআইৰ এটি দলে ৷ তাৎপৰ্যপূৰ্ণ যে, সুশান্তৰ সৈতে একেটা অট্টালিকাতে থকা এগৰাকী মহিলাই সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, অভিনেতা গৰাকীৰ মৃত্যুৰ আগদিনা তাত কোনো ধৰণৰ পাৰ্টী হোৱা নাছিল ৷

সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুত

নেশ্যনেল ডেস্ক, 23 আগষ্ট: চিবিআইৰ এটি দলে শনিবাৰে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বান্দ্ৰাস্থিত বাসগৃহ পৰিদৰ্শন কৰে, তেওঁৰ মৃত্যুৰ পূৰ্বৰ কিছুমান ঘটনাৰ অনুসন্ধান কৰিবলৈ ৷ প্ৰয়াত অভিনেতা গৰাকীৰ বাসগৃহত তেওঁলোক 5 ঘণ্টাৰো অধিক সময় কটাই সন্ধিয়া 8 বজাত তাৰ পৰা আহে ৷

সেই স্থানত গৈয়েই চিবিআইৰ স'তে আছিল ৰাজপুতৰ ৰান্ধনি নীৰজ, আন এগৰাকী তেওঁৰ ঘৰত কাম কৰা লোক দীপেশ সাৱন্ত আৰু অভিনেতা গৰাকীৰ ফ্লেট মেট সিদ্ধাৰ্থ পিথানি ৷ যিসকল লোক ৰাজপুত তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত সেই স্থানত উপস্থিত আছিল ৷

চিবিআইৰ সৈতে ফ'ৰেনচিক বিজ্ঞানৰ বিশেষজ্ঞ সকলো উপস্থিত আছিল ৷ ঘটনাৰ অনুসন্ধানৰ বাবে তেওঁলোককো চিবিআইৰ দলটোৰ অন্তৰ্ভুক্ত কৰা হৈছিল ৷

সুশান্ত সিং ৰাজপুত কাণ্ড: চিবিআইৰ তদন্তৰ বাবে DRDOৰ অতিথিশালাত উপস্থিত সিদ্ধাৰ্থ পিথানি

যেতিয়াই দলটো ঘটনাস্থলীত উপস্থিত হৈছিল তেতিয়াই সংবাদ মাধ্যমৰ লগতে, বহু লোকৰ সমাগম সেই স্থানত দেখিবলৈ পোৱা গৈছিল ৷ দলটো পোনপ্ৰথমে ফ্লেটটোৰ ছাদলৈ গৈ পৰৱৰ্তী সময়ত ভিতৰত প্ৰৱেশ কৰে ৷

বাহিৰৰ পৰা তেওঁলোকে প্ৰয়াত অভিনেতা গৰাকীৰ শুৱা কোঠাৰ ফটো আৰু ভিডিঅ' কৰা পৰিলক্ষিত হৈছিল ৷ ঘটনাস্থলী পৰিদৰ্শন কৰি তাত আত্মহত্যা সম্ভৱ হয়নে নহয় সেই বিষয়ে অনুসন্ধান চলাইছিল অনুসন্ধানকাৰী দলটোৱে ৷

সুশান্তৰ সৈতে একেটা অট্টালিকাতে থকা এগৰাকী মহিলাই সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে, অভিনেতা গৰাকীৰ মৃত্যুৰ আগদিনা তাত কোনো ধৰণৰ পাৰ্টী হোৱা নাছিল ৷ অৰ্থাৎ 13 জুনৰ নিশা প্ৰয়াত অভিনেতা গৰাকীৰ বাসগৃহত কোনো ধৰণৰ পাৰ্টী হোৱা নাই বুলি উল্লেখ কৰে মহিলা গৰাকীয়ে ৷

শুকুৰবাৰে চিবিআইৰ দলটোৱে পিথানি আৰু নীৰজৰ সাক্ষ্য ৰেক'ৰ্ড কৰিছিল ৷ ইপিনে শনিবাৰে চিবিআইৰ আন এটা দলে কুপাৰ হাস্পতাল পৰিদৰ্শন কৰে ৷ য'ত ৰাজপুতৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল ৷

সুশান্ত সিং ৰাজপুত কাণ্ডৰ অনুসন্ধান

তেওঁলোকে হাস্পতালখনৰ ডীনৰ সৈতে সাক্ষাৎ কৰাৰ লগতে অভিনেতা গৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ সৈতেও সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে ৷

চিবিআইৰ তৃতীয়টো দলে মুম্বাই আৰক্ষীৰ সেই কৰ্মকৰ্তা সকলৰ সৈতে সাক্ষৎ কৰে, যিসকলে ইয়াৰ পূৰ্বে ৰাজপুতৰ মৃত্যু সন্দৰ্ভত প্ৰাথমিক পৰ্যায়ৰ তদন্ত কৰিছিল ৷

লগতে পঢ়ক: সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিব AIIMSৰ চিকিৎসকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.