নেশ্বনেল ডেস্ক, 14 আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এনআৰচি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হয় ৷ এনআৰচি বিষয়ত শেহতীয়া স্থিতি সম্পৰ্কত আলোচনা কৰাৰ লগতে 31 আগষ্টৰ চূড়ান্ত এনআৰচি প্ৰকাশৰ দিনটোৰ বাবে অতিৰিক্ত সেনা বাহিনী মোতায়েনৰ অনুৰোধ জনাই সোণোৱালে ৷
এনআৰচিত সন্নিবিষ্ট নোহোৱা লোকৰ নাম কেৱল অ'নলাইনৰ জৰিয়তেহে প্ৰকাশ কৰাৰ কথা উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ কিছু ঘন্টাৰ পাছতে এই আলোচনাত মিলিত হয় সোণোৱাল ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে এনআৰচি তথ্যৰ নমুনাৰ পুনৰ সত্যাসত্য নিৰূপনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে কৰা আবেদন নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷
সোণোৱালৰ অনুৰোধৰ পাছতে অসমৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ সন্মতি প্ৰদান কৰি শ্বাহে কয় যে, কেন্দ্ৰই অসমৰ আইন নিয়ন্ত্ৰণৰ বাবে সম্পূৰ্ণ সহযোগ আগবঢ়াব ৷ এনআৰচি প্ৰকাশৰ পাছতে অসমৰ জনসাধাৰণক শান্তি - সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ জনাই গৃহমন্ত্ৰী গৰাকীয়ে ৷ বানবিধস্ত অসমৰ বাবেও সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে শ্বাহে ৷
উল্লেখ্য যে, 20 শতিকাৰ প্ৰথমভাগৰে পৰা অসমলৈ বাংলাদেশী প্ৰৱজনকাৰীৰ আগমন ঘটিছিল ৷ সমগ্ৰ দেশৰ ভিতৰতে অসমতেই 1951 চনৰ পৰা এনআৰচিৰ কাম আৰম্ভ কৰা হৈছিল ৷