ETV Bharat / bharat

মন্ত্ৰী শ্ৰীপদ নায়কৰ স্বাস্থ্য় পূৰ্বতকৈ সুস্থিৰ - Shripad Naik's blood pressure, pulse, urinary parameters normal: GMC

মন্ত্ৰীগৰাকীৰ ৰক্তচাপৰ লগতে আনুসংগিক পৰীক্ষাসমূহৰ ফলাফল ক্ৰমান্বয়ে উন্নত হৈছে । পূৰ্বে ভেন্টিলেটৰৰ সহায়ত তেওঁক অক্সিজেন দিয়া হৈছিল যদিও এতিয়া ভেন্টিলেটৰ আঁতৰাই দিয়া হৈছে ।

মন্ত্ৰী শ্ৰীপদ নায়কৰ স্বাস্থ্য় পূৰ্বতকৈ সুস্থিৰ

author img

By

Published : Jan 14, 2021, 1:50 PM IST

নিউজ ডেস্ক , ১৪ জানুৱাৰী : সোমবাৰে কৰ্ণাটকৰ উত্তৰ কন্নডা জিলাত দুৰ্ঘটনাত পতিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়ক । মৰ্মান্তিক দুৰ্ঘটনাটোত তেওঁৰ পত্নী আৰু সহযোগীৰ মৃত্য়ু হয় । কিন্তু সংকটজনক অৱস্থাত মন্ত্ৰী গৰাকীক ভৰ্তি কৰা হৈছিল গোৱা মেডিকেল কলেজত (জিএমচি) । তেতিয়াৰে পৰা হাস্পতালখনৰ চিকিৎসকৰ লগতে এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দলে অনবৰতে তেওঁৰ চিকিৎসা অব্য়াহত ৰাখিছে ।

মন্ত্ৰীগৰাকীৰ শুভাকাংক্ষীয়ে বিভিন্ন স্থানত তেওঁৰ স্বাস্থ্য়ৰ উন্নতিৰ বাবে প্ৰাৰ্থনা অব্য়াহত ৰখাৰ মাজতে তেওঁৰ স্বাস্থ্য়ৰ সম্প্ৰতি কিছু উন্নত হোৱাৰ কথা ঘোষণা কৰিলে জিএমচি কৰ্তৃপক্ষই । তেওঁ ৰক্তচাপ লগতে আনুসংগিক পৰীক্ষাসমূহৰ ফলাফল ক্ৰমান্বয়ে উন্নত হৈছে । ইফালে দিল্লীৰ এইমছ লৈ যোৱাৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিলে জিএমচিয়ে ।

মুখ্য়মন্ত্ৰী প্ৰমোদ সাৱন্তে মন্ত্ৰীগৰাকীৰ স্বাস্থ্য়ৰ বুজ লৈ কয় যে পূৰ্বে ভেন্টিলেটৰৰ সহায়ত তেওঁক অক্সিজেন দিয়া হৈছিল যদিও এতিয়া ভেন্টিলেটৰ আঁতৰাই দিয়া হৈছে আৰু তেওঁ স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস ল'ব পাৰিছে ।

ইফালে এইমছৰ চিকিৎসকৰ দলটোৱে কোৱা মতে শেহতীয়াকৈ তেওঁৰ শ্বাস-প্ৰশ্বাস, ৰক্তচাপ আদিৰ লগতে আন পৰীক্ষাসমূহৰ ফলাফলকলৈ তেওঁলোক সন্তুষ্ট । যাৰ বাবে কালি তেওঁক ভেন্টিলেটৰৰ পৰা উলিওৱাৰ পৰামৰ্শ দিছিল ।

লগতে পঢ়ক :সুৰা ট্ৰেজেডী : মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 24 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.