নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰীঃ কৰ্ণাটকৰ মাংগালুৰুত অনুষ্ঠিত হোৱা পৰম্পৰাগত ম'হ দৌৰ প্ৰতিযোগিতাত বিশ্বৰ সবাতকৈ বেগী মানৱ উছেইন বল্টৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে এগৰাকী সাধাৰণ খেতিয়কে ৷ স্থানীয় পৰম্পৰাগত ম'হ দৌৰ প্ৰতিযোগিতা ইকালা কাম্বালাথোচাভা (Ikala kambalothsava)ত অংশগ্ৰহণ কৰি উছেইন বল্টৰ অভিলেখ ভংগ কৰে শ্ৰীনিবাস গৌড়া নামৰ খেতিয়কগৰাকীয়ে ৷
এই প্ৰতিযোগিতাত এহাল ম'হৰ সৈতে বোকাময় পথাৰত আয়োজন কৰা হয় দৌৰৰ ৷ বোকাৰে আবৃত পথাৰত ম'হৰ সৈতে খেতিয়কগৰাকীয়ে 142.5 মিটাৰ দুৰত্ব মাত্ৰ 13.62 ছেকেণ্ডত সম্পন্ন কৰে ৷ ইয়াৰ লগে লগেই উছেইন বল্টৰ 100 মিটাৰ দুৰত্বৰ 9.58 ছেকেণ্ডৰ অভিলেখ ভংগ কৰে খেতিয়কগৰাকীয়ে ৷