ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদন

author img

By

Published : May 30, 2020, 4:25 PM IST

পুনিয়াৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষীয়ে চ'ছিয়েল মিডিয়াযোগে ধৰ্মীয় আৱেগত আঘাত হনাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল । তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল ।

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদন
উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদনউচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদনউচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদনউচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে দাখিল কৰা এজাহাৰ বাতিল কাৰাৰ বাবে দিয়া আবেদন

নিউজ ডেস্ক, 30 মে': শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে হাৰিয়ানাৰ কংগ্ৰেছ নেতা পংকজ পুনিয়াৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰত্যাহাৰৰ বাবে দিয়া আবেদন । তেওঁৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষীয়ে চ'ছিয়েল মিডিয়াযোগে ধৰ্মীয় আবেগত আঘাত হনাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল । তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল । উল্লেখ্য যে, পুনিয়াৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত ইতিমধ্যে একেটা গোচৰেই ৰুজু হৈ আছে ।

অৰুণ মিশ্ৰা, এছ.এ নাজিৰ আৰু ইন্দিৰা বেনাৰ্জীৰ তিনিজনীয়া বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে এজাহাৰ বাতিল কৰিবলৈ দৰ্শোৱা যুক্তিত একমত হ'ব নোৱাৰিলে ।

অৱশ্যে, শীৰ্ষ ন্যায়ালয়ে অন্য প্ৰাথমিক আন আন বিষয়ৰ ওপৰত উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ তেওঁক স্বাধীনতা প্ৰদান কৰিছে ।

অধিবক্তা গৰাকীয়ে কয় যে, পুনিয়াৰ বিৰুদ্ধে হাৰিয়ানাৰ কৰ্ণাল, নয়দা আৰু লক্ষ্নৌত একেটাই গোচৰ ৰুজু হৈ আছে । পূৰ্বতে কৰ্ণালত কংগ্ৰেছী নেতাগৰাকীক আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ।

হাৰিয়ানা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক গৰাকীক 20 মে'ৰ দিনা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । তেওঁ টুইটাৰ যোগে ধৰ্মীয় অনুভূতিক আঘাত হানিব পৰা এটি পোষ্টৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল ।

পুনিয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 153A, 295A, 505-2 আৰু IT act 2008 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.