ETV Bharat / bharat

ৰাফেল চুক্তি কেলেংকাৰীৰ পুনৰ বিচাৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Nov 14, 2019, 2:21 PM IST

Updated : Nov 14, 2019, 2:28 PM IST

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে খাৰিজ কৰিলে ৰাফেল যুদ্ধ বিমান কেলেংকাৰী সন্দৰ্ভত দাখিল কৰা পুনৰ বিচাৰৰ আবেদন ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা আৰু অৰুণ চোৰী সৰ্বোচ্চ ন্যায়ালয়ত ৰাফেল বিমান চুক্তিৰ পুনৰ বিচাৰৰ আবেদন দাখিল কৰিছিল ৷

ৰাফেল চুক্তি

নিউজ ডেস্ক, 14 নৱেম্বৰঃ ৰাফেল যুদ্ধ বিমান কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে খাৰিজ কৰিলে ৰাফেল যুদ্ধ বিমান কেলেংকাৰী সন্দৰ্ভত দাখিল কৰা পুনৰ বিচাৰৰ আবেদন ৷ তিনিজনীয়া বিচাৰপীঠত আছিল-মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এচ কে ক'ল আৰু ন্যায়াধীশ কে এম জোচেফ ৷

উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে, পুনৰীক্ষণ আবেদনত এনে কোনো তথ্য নাছিল যাৰ ভিত্তিত তদন্তৰ বাবে গোচৰ ৰুজু কৰিব পৰা যাব ৷ ৰাফেল বিমান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য পৰ্যাপ্ত আৰু যুক্তিসংগত ৷ ইয়াৰ বাবদ পৃথকে পৃথকে তদন্ত চলোৱাৰ কোনো প্ৰয়োজনীয়তা নাই ৷

উল্লেখ্য যে, বিগত বছৰৰ 14 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল ৰাফেল চুক্তিৰ কেলেংকাৰীৰ আবেদন ৷ উক্ত ৰায়দানত উচ্চতম ন্যায়ালয়ে কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে ফ্ৰান্সৰ লগত কৰা এই চুক্তিত কোনোধৰণৰ সন্দেহ নাই ৷ প্ৰতিখনে বিমান কিমান টকাত ক্ৰয় কৰা হৈছে সেয়া বিচাৰ কৰা উচ্চতম ন্যায়ালয়ৰ কাম নহয় বুলিও সৰ্বোচ্চ ন্যায়ালয়ে উক্ত ৰায়দানত জনাইছিল ৷ ইয়াৰ পাচতেই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিন্হা আৰু অৰুণ চোৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ত ৰাফেল বিমান চুক্তিৰ পুনৰ বিচাৰৰ আবেদন দাখিল কৰিছিল ৷ আবেদন দাখিলকাৰী সকলে অভিযোগ কৰিছিল যে, কেন্দ্ৰীয় চৰকাৰে ফ্ৰান্স পৰা ক্ৰয় কৰা প্ৰতিখন ৰাফেল বিমান নিৰ্ধাৰিত দামতকৈ ১,০০০ কোটি টকা বেছিকৈ দি আদায় কৰিছে৷ তেওঁলোকে লগতে দাবী জনাইছিল যে, ডি এ চিৰ(DAC) অনুমতি অবিহনে 2015 চনৰ 10 এপ্ৰিল মাহত মোদী চৰকাৰে ফ্ৰান্সৰ সৈতে ৰাফেল বিমানৰ চুক্তি কৰিছিল ৷

লগতে পঢ়কঃ ৰাফেল আৰু সাবৰিমালাৰ ৰায়দানৰ শেহতীয়া খবৰ LIVE UPDATE

ৰাফেল বিমান ক্ৰয়ৰ কিছু গোপনীয় তথ্য সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পাচতেই কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে এখন এফিডেবিট য'ত সৰ্বোচ্চ ন্যায়ালয়ক পুনৰ বিচাৰ আবেদন খাৰিজৰ অনুমতি বিচাৰে ৷

Intro:Body:Conclusion:
Last Updated : Nov 14, 2019, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.