ETV Bharat / bharat

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তক অনুমোদন সৰ্ব্বোচ্চ ন্যায়ালয়ৰ - Solicitor General Tushar Mehta

চলিচিটাৰ জেনেৰেল তুষাৰ মেহতাই জুলাইত অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত অৱগত কৰাইছিল।কোভিড-১৯ ৰ পৰিস্থিতি উন্নত হ'লেহে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছিল তুষাৰ মেহতাই।

সৰ্ব্বোচ্চ ন্যায়ালয়
SC approves CBSE's scheme on cancellation of board exams, re-assessment formula
author img

By

Published : Jun 26, 2020, 1:15 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ ১ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE)ৰ সিদ্ধান্তক অনুমোদন জনাইছে সৰ্ব্বোচ্চ ন্যায়ালয়ে। কোভিড-১৯ মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তৰ অনুমোদন জনাই ।

SC approves CBSE's scheme on cancellation of board exams, re-assessment formula
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তক অনুমোদন সৰ্ব্বোচ্চ ন্যায়ালয়ৰ

ন্যায়াধীশ এ.এম খানৱিলকৰ, দিনেশ মহেশ্বৰী আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE)ৰ পৰীক্ষা বাতিল কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে।

উল্লেখ্য যে, চলিচিটাৰ জেনেৰেল তুষাৰ মেহতাই জুলাইত অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত অৱগত কৰাইছিল । সৰ্ব্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডক দ্বাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ নতুন বিজ্ঞপ্তি প্ৰদান কৰিবলৈ আৰু ৰাজ্য বোৰ্ড পৰীক্ষাৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

কোভিড-১৯ ৰ পৰিস্থিতি উন্নত হ'লেহে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ন্যায়াধীশ এ.এম খানৱিলকৰ, দিনেশ মহেশ্বৰী আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠক তুষাৰ মেহতাই উল্লেখ কৰিছিল। কোভিড-১৯ সংকটৰ বাবে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অন্তিম তিনি দিনৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰা সন্দৰ্ভত সম্প্ৰতি শিক্ষা বিভাগে চৰ্চা অব্যাহত ৰাখিছে বুলি তুষাৰ মেহতাই জানিবলৈ দিয়ে। তেখেতে সৰ্ব্বোচ্চ ন্যায়ালয়ত দিল্লী, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ বুলি উল্লেখ কৰিছিল,। লগতে, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে ছাত্ৰ-ছাত্ৰীসকলক পাছত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্পৰ ক্ষেত্ৰত সহমত নহয় বুলি প্ৰকাশ কৰিছিল।

তুষাৰ মেহতাই ন্যায়ালয়ত উল্লেখ কৰা বিষয়ৰ ওপৰত ভিত্তি কৰি আৰু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সৰ্ব্বোচ্চ ন্য়ায়ালয়ে ১- ১৫ জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তক অনুমোদন জনাই। একেদৰে ICSE (Indian Certificate of Secondary Education)বোৰ্ডৰ পৰীক্ষাৰ ক্ষেত্ৰতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্ব্বোচ্চ ন্যায়ালয়ে।

লগতে পঢ়ক : কাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.