ETV Bharat / bharat

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে ছেনিটাইজ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Apr 17, 2020, 8:35 PM IST

উত্তৰ প্ৰদেশৰ ৰামাপুৰ জিলাত প্ৰতিবাদ কৰে বৃহৎ সংখ্যক ছেনিটাইজ কৰ্মীয়ে । একাধিক ছেনিটাইজ কৰ্মীক আৰক্ষীয়ে অনাহকত প্ৰহাৰ কৰাৰ বাবে সাব্য়স্ত কৰে এই প্ৰতিবাদ ।

ছেনিটাইজ
উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে ছেনিটাইজেচন কৰ্মীৰ প্ৰতিবাদ

নিউজ ডেস্ক, 17 এপ্ৰিলঃ ছেনিটাইজ কৰ্মীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাত কেন্দ্ৰ কৰি ৰামপুৰ জিলাত কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ । বৃহৎ সংখ্যক ছেনিটাইজ কৰ্মীয়ে যোগ দিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত ।

ছেনিটাইজ কৰ্মীৰ অভিযোগ, তেওঁলোক চেনিটাইজ কৰিবলৈ যোৱা সময়ত কৰ্তব্যত থকা আৰক্ষীয়ে তেওঁলেকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক ভাৱেও অপদস্থ কৰে । সেয়েহে কৰ্মীসকলে ৰামপুৰ পৌৰ নিগম কাৰ্যালয়ৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে আৰক্ষী কেইজনক বৰ্খাস্ত কৰাৰো দাবী কৰে । ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.