ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকক লৈ চিন্তিত শচীন পাইলট

author img

By

Published : May 7, 2020, 8:46 AM IST

ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা শচীন পাইলটে ৰাজ্যখনৰ শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় । প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমস্যা সন্দৰ্ভত নিজৰ চিন্তা ব্যক্ত কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে এইদৰে আলোচনাত মিলিত হয় নেতাগৰাকী ।

শচীন পাইলট
শচীন পাইলট

নিউজ ডেস্ক, ৭ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক তথা অন্যান্য লোকসকলৰ যাত্ৰাত অনুমতি প্ৰদান কৰিছে । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যসমূহে নিজাকৈ ৮৫:১৫ অনুপাতত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক নিজ ৰাজ্যলৈ ওভোটাই নিবলৈ ৰেলৰ ব্যৱস্থা কৰে । ইতিমধ্যে বিভিন্ন ৰাজ্যই নিজৰ নিজৰ ৰাজ্যলৈ এইসকল লোকক ওভোটাই নিবলৈ সক্ষম হৈছে ।

এনে অৱস্থাত ৰাজস্থান কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে শ্ৰমিকসকলৰ বিভিন্ন বিষয়ক লৈ এক আলোচনাত মিলিত হয় । ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা অন্যান্যসকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যিক পৰ্যায়ত এখন সহযোগকাৰী কমিটী গঠন কৰি দিয়ে । প্ৰব্ৰজনকাৰী লোকসকলৰ সহায় হোৱাকৈ এইখন কমিটীয়ে সকলোধৰণৰ কাম-কাজ চোৱা-চিতা কৰিব ।

ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা এই সিদ্ধান্ত গ্ৰহণ কৰে পাইলটে । এগৰাকী প্ৰাক্তন সেনা বিষয়া তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা শচীন পাইলটে জনোৱা অনুসৰি, সংস্থাপনৰ সকলো দিশ বন্ধ হৈ পৰাত ৰাজ্যখনৰ বহুসংখ্যক লোকে এতিয়া নিজ ৰাজ্যলৈ উভটি আহিবলৈ বিচাৰিছে । এইক্ষেত্ৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ পৰামৰ্শ অনুসৰি সকলো ব্যৱস্থা কৰা হৈছে । শ্ৰমিকসকলৰ যাত্ৰাৰ লগতে নিজ গৃহ ৰাজ্যত থকা-খোৱাৰ সকলো ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।

ৰাজস্থান কংগ্ৰেছ দলে ইয়াৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এইক্ষেত্ৰত অধিক সক্ৰিয় হৈ কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । ইয়াৰ উপৰিও তৃণমূল পৰ্যায়ত অধিকসংখ্যক নিয়ন্ত্ৰণকক্ষ গঢ়ি তোলা হৈছে বুলিও পাইলটে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি "অনুচিত"- ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.