ETV Bharat / bharat

কৰ'ণা প্ৰতিহত কৰিবলৈ 'স্বদেশী' ভাৱধাৰা গ্ৰহণৰ আহ্বান RSS মুৰব্বীৰ - সামাজিক দূৰত্ব আৰু লকডাউনৰ নিৰ্দেশাৱলী মানি চলিবলৈও আহ্বান

কৰ'ণা ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে স্বদেশী ভাৱধাৰা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই মোহন ভগৱতে ৷ সামাজিক দূৰত্ব আৰু লকডাউনৰ নিৰ্দেশাৱলী মানি চলিবলৈও আহ্বান জনাই RSS মুৰব্বী গৰাকীয়ে ৷

RSS মুৰব্বী
মোহন ভগৱত
author img

By

Published : Apr 26, 2020, 11:19 PM IST

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভগৱতে দেওবাৰে দেশৰ জনতালৈ এক আহ্বান জনাইছে ৷ কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমানলৈকে ভাৰতত প্ৰায় 800 ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ ফলত সকলোকে ইয়াক প্ৰতিহত কৰিবৰ বাবে স্বদেশী ভাৱধাৰা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

অনলাইনযোগে আগবঢ়োৱা এক ভাষণত তেওঁ লগতে কয় যে, কৰ'ণা ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে জনসাধাৰণে ঘৰতে বাস কৰাৰ লগতে লকডাউনৰ নিৰ্দেশনা আৰু সামাজিক দূৰত্ব মানি চলাটো অতি গুৰুত্বপূৰ্ণ ৷ ভগৱতে কয়, "ঘৰতে থাকক আৰু ভগৱানক প্ৰাৰ্থনা কৰক ৷"

তেওঁ কয়, "দেশত কৰ'ণা ভাইৰাছৰ ফলত সংকট বৃদ্ধি পাইছে ৷ ঘৰতে বাস কৰিলেহে সকলোৱে এই যুদ্ধ জয় কৰিবলৈ সক্ষম হ'ব ৷ লগতে আমি লকডাউনৰ নিৰ্দেশাৱলী আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ৷"

স্ব-নিৰ্ভৰশীল হ'বলৈ সকলোকে আহ্বান জনাই তেওঁ কয়, "আমি লকডাউন মানি চলিব লাগিব ৷ এই সংকটৰ পৰা আমি মুক্ত হ'ব লাগিব ৷ এই সংকটৰ পৰা আমি সুবিধা উলিয়াব লাগিব ৷ স্বদেশী ভাৱধাৰা গ্ৰহণ কৰিব লাগিব ৷"

ভগৱতে লগতে কয়, "এই সমাজখন আমাৰ...দেশখন আমাৰ, সেয়েহে আমি কাম কৰি আছো ৷ এয়া এক নতুন ৰোগ, সেয়েহে এই বিষয়ে কাৰোৰে বেছি জ্ঞান নাই ৷ সেয়েহে সাৱধানেৰে কাম কৰক ৷ ভাগৰি নপৰিব, চেষ্টা অব্যাহত ৰাখিব লাগিব ৷ অনুগ্ৰহ কৰি চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰণ কৰক ৷"

"আমি কাৰো মাজত বিভেদ নানো ৷ আমাৰ চেষ্টা হৈছে সকলোকে সহায় আগবঢ়োৱা ৷ আমি স্বদেশী ভাৱধাৰা গ্ৰহণ কৰিব লাগিব ৷ সমাজৰ লগতে দেশে স্বদেশী ভাৱধাৰা গ্ৰহণ কৰিলে বিদেশী সামগ্ৰীৰ ওপৰত ভৰষা কৰিব লগা নহ'ব ৷"

RSS ৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে, 10 জুন পৰ্যন্ত সংঘৰ সকলো অনুষ্ঠান স্থগিত ৰখা হৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.