ETV Bharat / bharat

বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ 4,688 কোটিৰ সাহাৰ্য - আবেদন

মধ্য প্ৰদেশৰ কৃষকৰ বাবে বিশেষ আঁচনি ৷ 20 লাখ কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত সাহাৰ্য প্ৰদান ৷ ৰাজ্যখনৰ কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ৷

Rs 4,688 crore to be given to MP farmers for damage due to floods
মধ্য প্ৰদেশৰ ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ ফচল বীমা আঁচনিৰ অধীনত সাহাৰ্য প্ৰদান
author img

By

Published : Sep 7, 2020, 9:03 AM IST

নিউজ ডেস্ক, 7 ছেপ্তেম্বৰ : মধ্য প্ৰদেশৰ কৃষিমন্ত্ৰী কমল পেটেলে দেওবাৰে সাংবাদিকক সম্বোধন কৰি জনাই যে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰাজ্যখনত বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা 20 লাখ কৃষকক 4,688 কোটি টকাৰ সাহাৰ্য প্ৰদান কৰা হ'ব ৷ ৰাজ্যখনত সঘনাই হৈ থকা বৰষুণৰ ফলত কৃষক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যাৰবাবে ৰাজ্য চৰকাৰে কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কৃষিমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, মুখ্যমন্ত্ৰী শিবৰাজ সিঙৰ সৈতে তেওঁ বিগত 15 দিনৰ পৰাই প্ৰতিখন গাঁৱত ক্ষতিগ্ৰস্ত হোৱা লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে আৰু 15 ছেপ্তেম্বৰৰ ভিতৰত এই তথ্য চৰকাৰক যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইতিমধ্যে, চৰকাৰে এই আঁচনিৰ বাবে আবেদনৰ তাৰিখ মুকলি কৰিছে আৰু দেওবাৰে আবেদনৰ অন্তিম তাৰিখ বুলিও কৃষিমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ৰাজ্যখনত নেৰানেপেৰা বৰযুণৰ ফলত বানপানীৰ সৃষ্টি হৈ 13,000 হাজাৰ লোক প্ৰভাৱিত হৈছিল আৰু তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : কামপুৰ বৰক'লাৰ গুৰুদ্বাৰত উপস্থিত ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.