নিউজ ডেস্ক, ১৩ মে' : ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নড্ডাই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক সাহাৰ্য পূঁজিক লৈ বিশেষ প্ৰশংসা কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটিৰ আৰ্থিক সাহাৰ্য পূঁজি ভাৰতক শক্তিশালী আৰু স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে উত্তম পদক্ষেপ বুলি কয় ।
"আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ঐতিহাসিক অৰ্থনৈতিক পূঁজিয়ে কেৱল কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াই নহয়, ইয়াৰ লগতে দেশক স্বদেশীয় ৰূপত অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব । দুখীয়া শ্ৰেণী, শ্ৰমিক আৰু মধ্যম তথা ক্ষুদ্ৰ উদ্যোগসমূহক এই পূঁজিৰ দ্বাৰা বিশেষ সুবিধা প্ৰদান কৰা হ'ব । মধ্যবিত্তসকলৰ বাবেও এই পূঁজিৰ দ্বাৰা বিশেষ সুবিধা প্ৰদান কৰা হ'ব । ভাৰতৰ বাবে এই পূঁজি ঐতিহাসিক আৰু ই দেশৰ অৰ্থনীতিক সক্ৰিয় কৰি তোলাত বিশেষ ভূমিকা পালন কৰিব ।" নতুন দিল্লীত সংবাদমাধ্যমৰ আগত এইদৰে প্ৰকাশ কৰে নড্ডাই ।