ETV Bharat / bharat

৩ দিনলৈ বন্ধ কৰি দিয়া হ'ল ঝাৰখণ্ডৰ ৰিমছ স্বাস্থ্যকেন্দ্ৰ - কোভিড-১৯ মহামাৰী

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সৰ এগৰাকী পৰীক্ষাগাৰ সহায়ক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিচতে প্ৰতিষ্ঠানখন ৩ দিনলৈ বন্ধ কৰি দিয়া হয় ।

৩ দিনলৈ বন্ধ কৰি দিয়া হ'ল ঝাৰখণ্ডৰ ৰিমছ স্বাস্থ্যকেন্দ্ৰ

author img

By

Published : May 2, 2020, 11:24 AM IST

নিউজ ডেস্ক, ২ মে' : ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এগৰাকী পৰীক্ষাগাৰ সহায়ক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিচতে ৩ দিনলৈ বন্ধ কৰি দিয়া হয় ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স প্ৰতিষ্ঠানখন । প্ৰতিষ্ঠানখনৰ মাইক্ৰ' বায়'লজি বিভাগৰ এগৰাকী পৰীক্ষাগাৰ সহায়ক এই মহামাৰী ৰোগত আক্ৰান্ত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

প্ৰতিষ্ঠানখনৰ উক্ত বিভাগটো অনাগত ৩ দিনলৈ বন্ধ থাকিব আৰু এই বন্ধৰ সময়চোৱাত বিভাগটো ছেনিটাইজ কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে বিভাগীয় মুৰব্বী ডাঃ মনোজে । তেওঁ প্ৰকাশ কৰা অনুসৰি, আইচিএমআৰৰ নিৰ্দেশনা অনুসৰি, এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিষ্ঠানটোৱে । শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ডাঃ মনোজে । বৃহস্পতিবাৰে আন তিনিগৰাকী লোকৰ সৈতে উক্ত পৰীক্ষাগাৰ সহায়কগৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল । ইতিমধ্যে উক্ত লোককেইজনক প্ৰতিষ্ঠানখনৰ কোভিড-১৯ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে প্ৰতিষ্ঠানখন বন্ধ থকাৰ সময়ত বিভিন্ন অঞ্চলৰ পৰা অহা তেজৰ নমুনাসমূহ ইটকি আৰোগ্যশালালৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কৰ'ণা সজাগতামূলক কাৰ্টুনৰাজি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.