ETV Bharat / bharat

তলাবন্ধৰ সময়ত আৰু পিচত স্বাস্থ্য, জীৱন নিৰ্বাহ আৰু কৃষি সংকট দূৰ কৰো আহক - COVID১৯ৰ সংক্ৰমণ

COVID১৯ৰ কাৰণে বৰ্তমান সময়ত দুটা সংকটে দেখা দিছে, স্বাস্থ্য সংকট আৰু অৰ্থনৈতিক সংকট । ২১ দিনীয়া তলাবন্ধই অৱশ্য স্বাস্থ্য সংকটত কিছু ইতিবাচক প্ৰভাৱ পেলাব যদিও অৰ্থনীতি, নিয়োগ, কৃষি আৰু সাধাৰণ জীৱন-যাপনত নেতিবাচক প্ৰভাৱ পেলাব । এইটো কথা ঠিক যে দুই ধৰণৰ জীৱনেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ । ২১ দিনীয়া তলাবন্ধৰ সময়ত লোৱা আৰু পিছত ল'বলগীয়া ব্যৱস্থাসমূহ ইয়াত আলোচনা কৰাৰ লগতে অৰ্থনীতি আৰু জীৱন নিৰ্বাহৰ কাৰণে চৰকাৰৰ ব্যৱস্থা যথেষ্ট নে সেই সম্পৰ্কেও আলোকপাত কৰা হৈছে ।

livelihood
livelihood
author img

By

Published : Apr 9, 2020, 2:07 PM IST

তলাবন্ধই অৱশ্যে সম্প্ৰদায় তথা সমাজত COVID১৯ৰ সংক্ৰমণ অলপ ৰোধ কৰিব আৰু কিছু পৰিমাণে স্বাস্থ্য সংকট কমাব । বহু মানুহৰ মাজত সংক্ৰমণ ঘটাৰ আগতেই তলাবন্ধৰ আৰম্ভণি হৈ গ'ল । এবাৰলৈ যদি এই তলাবন্ধৰ অন্ত বুলি ঘোষণা কৰা হয়, ভাইৰাছটোৰ উচ্চহাৰত সংক্ৰমণ হোৱাৰ আশংকা আছে । আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাই ইয়াৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায় কৰিছে । দক্ষিণ কোৰিয়াৰ অভিজ্ঞতাৰ কথা ক'ব লাগিব । তলাবন্ধৰ অন্ত পৰাৰ পিছত কি হয় সেয়া আমি চীনৰ পৰাই শিকিব পাৰো । তলাবন্ধৰ অন্ত পৰাৰ পিছত চীনত এতিয়া নতুন সংক্ৰমণ ঘটিব ধৰিছে । আমাৰ কাৰণে এয়া চিন্তনীয় । আগন্তুক সপ্তাহ কেইটাৰ কাৰণে কেনেকৈ সংক্ৰমণ কমাব পাৰি, সেই সম্পৰ্কে পৰিকল্পনা কৰিবলৈ এই ২১ দিনীয়া তলাবন্ধৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ । স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ, পৰীক্ষাকেন্দ্ৰ, টেষ্টিঙ কিট ভেণ্টিলেটৰ, তথা চিকিৎসালয়ৰ বিচনাৰ সংখ্যা বঢ়াবলৈ এই সময়ছোৱাৰ ভিতৰত ব্যৱস্থা ল'ব পাৰি । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID১৯ৰ বাবে তিনিটা কথা যথেষ্ট গুৰুত্বপূৰ্ণ- পৰীক্ষা, পৰীক্ষা আৰু পৰীক্ষা । COVID১৯ পজিটিভ সকলৰ লগত আমি কেতিয়াও অস্বাভাৱিক ব্যৱহাৰ কৰা উচিত নহয় । চিকিৎসক তথা নাৰ্ছসকলৰ যথেষ্ট সুৰক্ষাৰ প্ৰয়োজন কাৰণ এই জটিল অৱস্থাত তেওঁলোকেৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ ঘটিছে ।

লগতে পঢ়ক : সামাজিক দুৰত্ব আৰোপ কৰাৰ বাবেই আৰক্ষীক আক্ৰমণ

গ্ৰাম্যাঞ্চলত বৰ্তমান স্বাস্থ্য কৰ্মীৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে । নমুনাসমূহ লৈ পৰীক্ষাগাৰত সোনকালে জমা কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ । সোনকালে কৰাটো এইকাৰণে জৰুৰী যাতে আমি গম পাব পাৰো ক'ত সমস্যা ভয়াবহ । ২১ দিনীয়া তলাবন্ধৰ সময়ত আৰু পিছত স্বাস্থ্য বিষয়ক সুবিধা সমূহৰ যথেষ্ট দাবী আহিব । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহকো চৰকাৰে সাঙুৰিছে যদিও এয়াই যথেষ্ট নহয় । সৌভাগ্যবশত চৰকাৰ, কৰ্পৰেট আৰু ব্যাক্তিগত খণ্ড, সমাজ সকলোৱে স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে আগবাঢ়ি আহিছে । সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে বৰ্তাই ৰখাটো সমাজৰ এটা অংশৰ বাবে যথেষ্ট কঠিন । চহৰৰ পৰা গ্ৰাম্যাঞ্চললৈ শেহতীয়াকৈ প্ৰব্ৰজন কৰা কৰ্মীসকলৰ উদাহৰণ যদি লও, সামাজিক দূৰত্ব তেওঁলোকে মানি চলা নাই । মুম্বাইৰ বস্তি অঞ্চলসমূহত এটা সৰু কোঠালিত ৫ ৰ পৰা ১০ জন মানুহ একেলগে বসবাস কৰে । জনবসতিৰ ঘনত্ব থকা এলেকাবোৰত সামাজিক দূৰত্ব যথেষ্ট টান ।

জনসাধাৰণৰ জীৱন যাপন তথা আয় উপাৰ্জনৰ ক্ষেত্ৰত হোৱা সমস্যাৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই দেশবাসীৰ ওচৰত দুঃখিত বুলি প্ৰকাশ কৰিছে । তলাবন্ধই স্বাস্থ্যসংকট দূৰ কৰিব যদিও জীৱন ধাৰণৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব । বিভিন্ন অৰ্থনীতিবিদ তথা বিশেষজ্ঞই এটা কথাৰ ইংগিত দিছে যে তলাবন্ধ যদি বৃদ্ধি কৰা হয় খাদ্য তথা প্ৰয়োজনীয় বস্তুৰ অভাৱত বহুতেই মৃত্যুবৰণ কৰিব যাৰ পৰিমাণ কোৰোণাৰ কাৰণে মৃত্যু হোৱা হাৰতকৈ বেছি হ'ব পাৰে ।

লগতে পঢ়ক : লকডাউন : কৃষিকৰ্ম সম্পৰ্কত ৰাজ্যৰ মতামত গ্ৰহণ কৰিব নৰেন্দ্ৰ সিং তোমৰে

প্ৰথমেই, কৃষিখণ্ডৰ কথা যদি কও, যথেষ্টসংখ্যক কৰ্মী তথা জনসাধাৰণ ইয়াৰ ওপৰত নিৰ্ভৰশীল । চলিত বছৰত ৰবিশস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি হ'ব বুলি আশা কৰা গৈছিল । কিন্ত তলাবন্ধৰ কাৰণে উৎপাদন তথা বিতৰণত প্ৰভাৱ পৰিব । ২১ দিনীয়া তলাবন্ধই শস্য চপোৱাৰ পৰা আৰম্ভ কৰি কৃষি বজাৰলৈকে সকলোতে প্ৰভাৱ পেলাব । কেন্দ্ৰীয় চৰকাৰৰ তলাবন্ধৰ নিয়মাৱলীত বিভিন্ন শ্ৰমিক তথা কৃষকসকলক পথাৰত কাম কৰাৰ পৰা বিৰত কৰিছে । আনকি বিভিন্ন এজেন্সিৰ অংশগ্ৰহণ, আন্তঃৰাজ্যিক তথা ৰাজ্যৰ ভিতৰতো এই সম্বন্ধীয় কাম কৰা সম্ভৱ নহয় ।

কিন্তু এই নিয়মাৱলীসমূহ বিভিন্ন অঞ্চলত এতিয়াও প্ৰকৃতাৰ্থত কাৰ্যকৰী হোৱা নাই । বিভিন্ন ৰাজ্যত অৱশ্যে কৃষি উৎপাদন বজাৰ কমিটিৰ বন্ধ হোৱা বুলি খবৰ আহিছে । যদি পৰিস্থিতি বেছি বেয়া হয়, হয়তো কৃষকে শস্যসমূহ নচপোৱাকৈ পথাৰত এৰিব লাগিব । আনহাতে চহৰাঞ্চলৰ গ্ৰাহকে দামৰ ক্ষেত্ৰত পৰিবৰ্তন পাব । চৰকাৰৰ এইমূহুৰ্তৰ গুৰুত্ব হ'ব লাগে পিছৰ শস্য চপোৱা কাৰ্য, সুলভ মূল্যৰ বজাৰ, সঞ্চয় তথা পৰিবহণ ।

লগতে পঢ়ক : লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ !

এনেকুৱা সময়ত মূল্য সংগ্ৰহৰ জৰিয়তে চৰকাৰৰ প্ৰাপ্তি যথেষ্ট কঠিন । তেলেংগানাই ইতিমধ্যে বিকেন্দ্ৰীয় প্ৰাপ্তিৰ ব্যৱস্থা কৰিছে । উৰিষ্যা, মধ্য প্ৰদেশ, ছত্তিশগড়ৰ নিচিনা ৰাজ্যৰ গাঁও অঞ্চলত প্ৰাপ্তি বিকেন্দ্ৰীকৰণৰ আগতেই এই ব্যৱস্থা আছে । ৰাজ্যসমূহে বিভিন্ন আত্ম সহায়ক গোট, প্ৰাথমিক কৃষি কোপাৰেটিভ সমাজ তথা এফ পি অ'ৰ জৰিয়তে ইয়াৰ ব্যৱস্থা কৰিব পাৰে । কৃষকক সহায় কৰাৰ অৰ্থে শীত পণ্যাগাৰৰ ব্যৱস্থাও কৰিব পাৰে । সামগ্ৰীৰ সঞ্চয় তথা এইসমূহত কাম কৰা লোকৰ কাৰণে ছেনিটাইজাৰৰ ভাল ব্যৱস্থাৰ প্ৰয়োজন হ'ব । শস্য চপোৱা তথা যোগান বা বিতৰণৰ লগত লাগি তথা লোকসকলৰো এই মহামাৰীৰ পৰা সুৰক্ষিত বুলি বিশ্বাস আহিব লাগিব । প্ৰব্ৰজিত কৰ্মীসকলক পৰীক্ষা কৰি ভালকৈ ৰাখিব লাগিব । খাদ্যবস্তু তথা কৃষি সামগ্ৰীৰ ব্যৱস্থা কৰা চৰকাৰৰ পক্ষে যথেষ্ট কঠিন নহয়।নকৰিলে তাৰ পৰিনতি ভুগিব লাগিব ।

লগতে পঢ়ক : দেশৰ মুখ্য ন্যায়াধীশলৈ অধিবক্তাৰ পত্ৰ : বিত্তীয় সহায়ৰ আহ্বান

নিতৌ কাম কৰা শ্ৰমিক তথা প্ৰব্ৰজিত শ্ৰমিকসকলৰ ওপৰত কোভিড ১৯ৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে । কোনো ধৰণৰ আগতীয়া প্ৰস্তুতি নোহোৱাকৈ প্ৰব্ৰজিত শ্ৰমিকসকলে ইয়াৰ সন্মুখীন হ'বলগীয়া হৈছে । ২১ দিনীয়া তলাবন্ধত প্ৰভাৱিত হোৱাখিনিৰ কাৰণে চৰকাৰে ১.৭ লাখ কোটি টকা(জি ডি পিৰ ০.৮ শতাংশ) ঘোষণা কৰিছে । কৰ্পৰেট আৰু এম এছ এম ই খণ্ডৰ কাৰণে চৰকাৰে আৰু ব্যৱস্থাৰ ঘোষণা কৰি পাৰে । বিভিন্ন অৰ্থনীতিবিদসকলৰ মতে সমস্যাত তুলনাত এয়া যথেষ্ট সৰু বা কম । উদাহৰণস্বৰূপে নবেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জী আৰু এছথেৰ ডাফলোৰ এক প্ৰবন্ধমতে সামাজিক স্থানান্তৰৰ ব্যৱস্থা বা আঁচনিসমূহৰ ক্ষেত্ৰত চৰকাৰ আৰু বেছি সাহসী হ'ব লাগে । তেওঁলোকৰ মতে, হাজাৰজনৰ মাজত যেন এতিয়া চৰকাৰে সৰু আলুৰ যোগান ধৰি আছে । যদি শ্ৰমিকসকলক পুনৰ কাম বিচাৰি যোৱাৰ পৰা তথা বেমাৰ বিয়পোৱাৰ পৰা বিৰত ৰাখিব লাগে, তেতিয়াহ'লে পৰিমাণ বৃদ্ধি কৰিব লাগিব ।

লগতে পঢ়ক : লক ডাউনঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ ফচল

চৰকাৰে শুদ্ধ দিশতেই পেকেজ নিৰ্ধাৰণ কৰিছে যদিও সেয়া যথেষ্ট নহয়।আমেৰিকা যুক্তৰাষ্ট্ৰই ২ ত্ৰিলিয়ন ডলাৰৰ পেকেজৰ ঘোষণা কৰিছে যি জি ডি পিৰ ১০ শতাংশ।আৰু পৰবৰ্তী সময়ত ১ ত্ৰিলিয়নৰ সম্ভাৱনা আছে। জিডি পিৰ ১৫ শতাংশ পৰিকল্পনা কৰা হৈছে।আমেৰিকাৰ পৰিমাণ ভাৰততকৈ বহুত বেছি।ইউৰোপৰ দেশসমূহেও ব্যয় কৰিছে।ভাৰতৰ কাৰণে ইয়াৰ পৰা পাব লগা শিক্ষা স্পষ্ট হৈ আছে।ভাৰতে বৰ্তমানতকৈ ৩ বা ৪ গুন বেছি ব্যয় কৰিব লাগিব।যদি তলাবন্ধ ব্যাহত থাকে, স্বাস্থ্য তথা জীৱন নিৰ্বাহ আৰু কিছু দিশত ৭-৮ লাখ কোটি চৰকাৰে ধাৰ্য কৰিব লাগিব।উদাহৰণস্বৰূপে বিত্তমন্ত্ৰীয়ে মহিলাৰ জন ধন একাউণ্টত তিনিমাহৰ কাৰণে ৫০০ টকাৰ ঘোষণা কৰিছে।আমাক অহা তিনিমাহত এইসমূহ একাউণ্টত দিয়াৰ কাৰণে ৩০০০ টকাৰ প্ৰয়োজন।তদুপৰি দুখীয়া শ্ৰমিক, দুৰ্বলী শ্ৰেণী আৰু অন্য অভাৱী লোকৰ কাৰণে খাদ্যসামগ্ৰীৰো প্ৰয়োজন। অহা তিনিমাহৰ কাৰণে ৰাজহ ঘাটিৰ কথা ভবাটো জৰুৰী নহয় ।

লগতে পঢ়ক : GSTৰ বকেয়া আদায়ৰ বাবে মোডীলৈ আহ্বান বহু ৰাজ্যৰ

শেষত, ২১ দিনীয়া তলাবন্ধই স্বাস্থ্য আৰু অন্য সংকটৰ মোকাবিলা কৰাৰ পৰিকল্পনাৰ বাবে সময় আগবঢ়াব পাৰে । পৰবৰ্তী সময়ত যদি এই মহামাৰীৰ প্ৰকোপ বৃদ্ধি হয় বা তেনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনিৰ পৰিকল্পনা কৰা উচিত । সান্ধ্যআইন বা তলাবন্ধৰ অন্ত পৰাৰ পিছত যে ইয়াৰ প্ৰভাৱ বাঢ়িব পাৰে তাৰ বাবে চীনৰ উদাহৰণেই যথেষ্ট । তলাবন্ধৰ সময় তথা পিছতো জীৱন তথা জীৱন নিৰ্বাহৰ গুৰুত্ব একেই । বিত্তমন্ত্ৰী তথা ৰিজাৰ্ভ বেংকৰ দ্বাৰা ঘোষিত পেকেজসমূহে নিয়োগৰ হ্ৰাস আৰু আয়ৰ ক্ষেত্ৰত সকাহ আনিব পাৰে । যিদৰে চীনে কৰিছিল, ভাৰতেও প্ৰব্ৰজনকাৰী শ্ৰমিক তথা দিন হাজিৰা কৰা শ্ৰমিকসকলৰ কাৰণে কিছু আগতীয়া প্ৰস্তুতি ৰখাৰ প্ৰয়োজন আছিল । বিত্তমন্ত্ৰীৰ দ্বাৰা ঘোষিত ১.৭ লাখ কোটিৰ ঘোষণাই যথেষ্ট নহয় । আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সকলো খণ্ডৰ বাবে এই পেকেজৰ চাৰি-পাঁ‌চগুনৰ প্ৰয়োজন হ'ব । আমেৰিকাৰ নিচিনা দেশে বহু ডাঙৰ পেকেজৰ ঘোষণা কৰিছে । ভাৰতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও এই সময় অনাকাংখিত আৰু COVID ১৯ ৰ সংক্ৰমণৰ দিশত বিভিন্ন অনিশ্চয়তা আছে । এয়াই আশা যাতে আমি সোনকালে এই সংকটৰ পৰা মুক্ত হ'ব পাৰো । আমি সৰু আই, প্লেগ, পলিঅ'ৰ নিচিনা মহামাৰীক নিৰ্মূল কৰিছো ।

লেখক : এছ মহেন্দ্ৰ দেৱ, উপাচাৰ্য, আই জি আই ডি আৰ

লগতে পঢ়ক : হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.