ETV Bharat / bharat

ৰাজ্যসভাত গৃহীত হ'ল CAB

author img

By

Published : Dec 11, 2019, 12:49 PM IST

Updated : Dec 11, 2019, 8:59 PM IST

বিগত 35 বছৰে কোনো চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী নকৰিলে : অমিত শ্বাহ

19:52 December 11

ৰাজ্যসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019

কেবৰ সপক্ষে ৰাজ্যসভাত 125 টা ভোট

কেবৰ বিপক্ষে 105 টা ভোট ৰাজ্যসভাত

19:27 December 11

অসম চুক্তিৰ 6 নং ডফাৰ ওপৰত বিশেষ কমিটি বিজেপি চৰকাৰে গঠন কৰি দিছে আৰু এই কমিটিৰ প্ৰতিবেদন অহাৰ পাছত চৰকাৰে পালন কৰিব অসম চুক্তিৰ ৷ ৰাজ্যসভাত এই কথা জানিবলৈ দিলে অমিত শ্বাহে ৷ অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ কথাও উল্লেখ কৰিলে অমিত শ্বাহে ৷  

19:09 December 11

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন ধৰ্ম নিৰপেক্ষ আইন : অমিত শ্বাহ

ৰাজ্যসভাৰ কেব বিৰ্তকত বিৰোধীক প্ৰত্যুতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ বিৰোধীৰ প্ৰশ্নৰ উত্তৰত কেবক ধৰ্ম নিৰপেক্ষ আখ্যা দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সদনক জনালে ধৰ্মৰ ভিত্তিত দেশ বিভাজন নোহোৱা হয় বিজেপিয়ে আনিব লগা নহ'ল হয় কেব ৷  কেবক 1955 চনৰ বাংলা যুদ্ধৰ পাছৰ নেহৰু-লিয়াকত চুক্তিৰ পৰিপূৰক আখ্যা দিলে অমিত শ্বাহে ৷ বিৰোধীক ক'লে বিজেপিয়ে সমস্যাৰ সমাধান কৰিবৰ বাবেহে চেষ্টা কৰে সৃষ্টি নকৰে ৷ কংগ্ৰেছক ক্ষোৰদ্ধাৰ সমালোচনা অমিত শ্বাহৰ ৷ ভাষণৰ মাজতে অমিত শ্বাহে ৰাজ্যসভাক ভুল তথ্য দিয়াৰ অভিযোগ আনিলে তৃণমূলৰ সাংসদ ডেৰিক'অ ব্ৰাইনে ৷ ৰাজ্যসভাত উত্তাল পৰিস্থিতি ৷           

18:08 December 11

মূল বিষয়ৰ পৰা দৃষ্টি আতৰ কৰিবলৈ বিজেপিয়ে আনিছে কেব : গোলাম নবী আজাদ

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিলে বিৰোধী দলপতি গোলাম নবী আজাদে ৷ বিজেপি, অমিত শ্বাহৰ সমালোচনাত মুখৰ হ'ল কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকী ৷ ক'লে মূল বিষয়ৰ পৰা দৃষ্টি আতৰ কৰিবলৈ বিজেপিয়ে আনিছে কেব ৷ অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বিষয়েও ৰাজ্যসভাত দাঙি ধৰিলে আজাদে  

17:14 December 11

কেবৰ বিৰোধিতা মিজোৰামৰ কংগ্ৰেছৰ সাংসদ ৰোনাল্ড চাপালাওৰ ৷ কেবে উত্তৰ পূবলৈ বিপদ মাতিব বুলি ৰাজ্যসভাত মন্তব্য কৰিলে সাংসদ গৰাকীয়ে ৷  

16:59 December 11

অসমীয়াৰ গাত লাচিতৰ তেজ আছে, আমি কেব নামানো: ৰিপুন বৰা

ৰাজ্যসভাৰ কেব বিৰ্তকত কংগ্ৰেছ সাংসদ ৰিপুন বৰাৰ উদাত্ত ভাষণ ৷ গৃহমন্ত্ৰীৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৷ ক'লে অতীতৰ পৰা শিক্ষা লোৱা নাই কেন্দ্ৰ চৰকাৰে ৷ অসমত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মানুহো হিন্দু কিন্তু হিন্দু হোৱাৰ আগত অসমৰ মানুহ অসমীয়া বুলি মন্তব্য নেতাগৰাকীৰ ৷ তথ্য সহকাৰে কোটি কোটি মানুহ বাংলাদেশ, পাকিস্তানত নিৰ্যাতন হৈছে বুলি গৃহমন্ত্ৰীয়ে কৰা মন্তব্যক ফাকি আখ্যা অসমৰ সাংসদ গৰাকীৰ ৷ কেবক দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলিলে ৰিপুণ বৰাই ৷

16:32 December 11

কেবৰ বিৰোধিতা আম আদমি পাৰ্টীৰ৷ ৰাজ্যসভাত দলটোৰ সাংসদ সঞ্জয় সিঙে কৰিলে বিৰোধিতা ৷ কেব অনাৰ বাবে বিজেপি দলক সমালোচনা ৷ ক'লে সাহস আছে যদি 5 বছৰত খেদোৱা 5 জন বাংলাদেশীৰ প্ৰমাণ দিয়ক কেন্দ্ৰ চৰকাৰে৷ বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে কেবক ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰাৰ পাছত এতিয়া কেনেকৈ বাংলাদেশীক বিতাড়ন কৰিব বুলি গৃহমন্ত্ৰীক প্ৰশ্ন সঞ্জয় সিংৰ ৷    

16:17 December 11

কেবৰ বিৰোধিতা নাগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ কে জি কেনয়ীৰ ৷ উত্তৰ পূবত ধৰ্মীয় উন্মাদনা সৃষ্টি নকৰিবলৈ আহ্বান সাংসদ গৰাকীৰ ৷ উত্তৰ পূবৰ অবৈধ অনুপ্ৰৱেশ সমস্যাক গুৰুত্ব সহকাৰে লবলৈ কেন্দ্ৰক অনুৰোধ ৷ ক'লে কেব গৃহীত হ'লে মূল ভাৰতীয় ভূখণ্ডৰ লগত দুৰত্ব বৃদ্ধি পাব উত্তৰ-পূৰ্বাঞ্চলৰ ৷ 

15:53 December 11

ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো নিয়ম নাই : কপিল ছিবাল

কেবৰ বিৰোধিতা জেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালৰ ৷ ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহক ক্ষুৰদ্ধাৰ সমালোচনা কপিল ছিবালৰ ৷ অমিত শ্বাহক ইতিহাস বিকৃতিকাৰী আখ্যা দিলে সাংসদজনে ৷ দ্বিজাতি তত্ত সন্দৰ্ভত গৃহমন্ত্ৰীক লক্ষ্য কৰি ল'লে কপিল ছিবালে ৷ ক'লে দ্বিজাতি তত্তৰ আৰম্ভণি জিন্নাই নহয় ছাৰভাৰকাৰে কৰিছিল সেইবাবে সংবিধান প্ৰস্তুতকৰ্তা আম্বেদকাৰে কৈছিল জিন্না আৰু ছাৰভাৰকাৰ এটা মুদ্ৰাৰে দুই পিঠি ৷    

15:30 December 11

কেবৰ বিৰোধিতা এন চি পি সাংসদ প্ৰফুল্ল পেটেলৰ ৷ ক'লে 71ৰ যুদ্ধৰ সময়ত ভাৰতত প্ৰৱেশ কৰা বেছিভাগ প্ৰবজ্ৰনকাৰীয়ে আছিল হিন্দু, যি সকলক পাছলৈ ভাৰতত সসন্মানে থাকিবলৈ দিয়া হৈছিল ৷ অসমৰ এন আৰ চিৰ বাদ পৰা 19 লাখ লোকৰ 10 লাখৰ অধিক লোক হিন্দু বুলিও মন্তব্য সাংসদগৰাকীৰ ৷ বিলখন পুনৰ বিবেচনা কৰাৰ দাবী ৷

15:12 December 11

নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়ত ৰাজ্যসভাত বিজেপিক কটাক্ষ শিৱসেনা সাংসদ সঞ্জয় ৰাউতৰ ৷ ক'লে এই বিলখনক সমৰ্থন নকৰিলে পাকিস্তান যাবলৈ কোৱা হৈছে কিন্তু বিজেপিৰ দেশ প্ৰেমৰ চাৰ্টিফিকেটৰ মোৰ প্ৰয়োজন নাই ৷ অসম, ত্ৰিপুৰাত হোৱা ব্যাপক প্ৰতিবাদৰ কথা উল্লেখ কৰিলে শিৱসেনাৰ সাংসদ গৰাকীয়ে ৷ বিজেপিক ভোট বেংকৰ ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান ৷ লগতে গৃহমন্ত্ৰীক পৰোক্ষভাৱে অনুপ্ৰৱেশকাৰী আৰু শৰনাৰ্থীৰ মাজৰ পাৰ্থক্যক লৈ কটাক্ষ ৷    

15:02 December 11

প্ৰথমে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰক কেন্দ্ৰই : বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

ৰাজ্যসভাত কেব সন্দৰ্ভত অগপ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ কৌশলী স্থিতি ৷ বিৰোধিতা নকৰিলে কেবৰ চৰকাৰক কেব গৃহীত কৰাত খৰখেদা নকৰাৰ আহ্বান ৷ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ সাংসদ গৰাকীৰ ৷ অসমত অসমীয়া ভাষা চিৰদিনৰ বাবে ৰাজ্যভাষা কৰিবলৈ চৰকাৰক সংবিধান সংসোধন কৰি হলেও বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান সাংসদ বৈশ্যৰ ৷ 60ৰ ভাষা আন্দোলনৰ কথাও সোৱৰিলে সাংসদগৰাকীয়ে ৷ কেবৰ বিৰুদ্ধে অসমীয়াৰ শংকাৰ কথাও দাঙি ধৰিলে বীৰেণ বৈশ্যই লগতে অসমৰ বাবে দাবী কৰিলে ইনাৰ লাইন পাৰ্মিট ৷ ইফালে অসম চুক্তিৰ পাছত অহা এজনো বাংলাদেশীৰ বোজা নলয় বুলি ৰাজ্যসভাত মন্তব্য কৰিলে বৈশ্যই ৷ ক'লে দৰকাৰ হ'লে বাকী ৰাজ্যই ভগাই লওক বাংলাদেশী ৷ 

কেবক সমৰ্থন বিপিএফ সাংসদ বিশ্বজিত দৈমাৰীৰ ৷ ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক কেবৰ পৰা বাদ দিয়াৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনালে সাংসদ গৰাকীয়ে ৷ অসমত হোৱা ব্যাপক কেব বিৰোধী আন্দোলনক গুৰুত্বসহকাৰে লোৱাৰ বাবে কেন্দ্ৰ চৰকাৰক আহ্বান জনালে সাংসদ গৰাকীয়ে ৷ লগতে ক'লে অসম আন্দোলনৰ কথা ৷  

14:33 December 11

এখন আদৰ্শ ৰাষ্ট্ৰ ধৰ্মৰ দ্বাৰা নিৰ্মাণ কৰা নহয়: চি পি আই (এম)

কেবৰ বিৰোধিতা চি পি আই মাক্সবাদী দলৰ৷ কেব অসংবিধানিক আখ্যা দলটোৰ সাংসদ টি কে ৰঙ্গৰাজনৰ ৷ কেবক সংবিধানৰ অৱমাণনা, মুছলমানৰ বাবে বৈষম্যমূলক,আৰু ভাৰতৰ সংবিধানৰ মূল গাঠনিৰ পৰিপন্থী আখ্যা ৷ শ্ৰীলংকাত তামিল নিৰ্যাতন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নিমাত কিয় বুলি গৃহমন্ত্ৰীক প্ৰশ্ন সাংসদ গৰাকীৰ ৷ ক'লে এখন আদৰ্শ ৰাষ্ট্ৰ ধৰ্মৰ দ্বাৰা নিৰ্মান কৰা নহয় ৷ 

14:25 December 11

কেবৰ বিৰোধিতা তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৷ কেবে অসমৰ মানুহক শংকিত কৰিছে বুলি মন্তব্য দলটোৰ সাংসদ ড৹ কেশৱ ৰাওৰ ৷ ক'লে আমি এই বিলৰ বিৰোধিতা কৰো কিয়নো ই মুছলিমবিৰোধী আৰু ভাৰতবৰ্ষ এখন ধৰ্ম নিৰেপক্ষ ৰাষ্ট্ৰ ৷ বিজেপিয়ে পাহৰা উচিত নহয় যে ধৰ্মনিৰপেক্ষতা ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মানৰ মূল ভেটি ৷  

13:42 December 11

ভাৰতৰ কোনো অঞ্চলতে হ'বলৈ দিয়া নহব কেব : সাংসদ ডেৰিক' অ'ব্ৰয়ান

আৰ জে ডি আৰু বিজেপিক কেবৰ বিপক্ষে থিয় দিয়াৰ আহ্বান সাংসদ গৰাকীৰ ৷ সদনত সংখ্যা থকা মানেই শুদ্ধ হোৱাটো নুবুজাই বুলি মন্তব্য সাংসদ গৰাকীৰ ৷    

13:27 December 11

কেবৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰিক' অ'ব্ৰয়ানৰ ৷ এই বিলৰ নিৰ্মানকাৰী সকল জাৰ্মানীৰ নাজীসকলৰ দ্বাৰা প্ৰভাৱিত বুলি মন্তব্য সাংসদ গৰাকীৰ৷ চৰকাৰক মিছাৰ ভাণ্ডাৰ আখ্যা  ৷ দেশত থকা সকলৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰা চৰকাৰে বাহিৰৰ পৰা বিদেশী আনি ৰখাৰ কথা কয় বুলি বিজেপিক কটাক্ষ অ'ব্ৰায়নৰ ৷   

13:10 December 11

দেশক ভাল পোৱা সকলোৱে সমৰ্থন কৰক কেব : জে পি নাদ্দা

ৰাজ্যসভাত কেবক সমৰ্থন বিজেপি সাংসদ জে পি নাদ্দাৰ ৷  নেহৰু-লিয়াকত আলী চুক্তিক অপূৰ্ণ আখ্যা দিলে বিজেপি সাংসদ গৰাকীয়ে  ৷ বিভাজনৰ পাছত পাকিস্তানত ভয় লগা ধৰণে হ্ৰাস পাইছে হিন্দু সংখ্যালঘুৰ সংখ্যা কিন্তু একে সময়তে ভাৰতত ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা এই দাবী সাংসদগৰাকীৰ ৷ নিউয়ৰ্ক টাইমছৰ নিবন্ধৰ উদাহৰণ দি আফগানিস্থানত হিন্দু আৰু শিখসকলৰ ওপৰত অত্যাচাৰ হোৱাৰ কথা সদৰি কৰিলে সাংসদ গৰাকীয়ে ৷    

12:53 December 11

কেবৰ বিৰুদ্ধে অসম জ্বলিছে গৃহমন্ত্ৰীয়ে সেই বিষয়েও সদনত জনাওক : সাংসদ আনন্দ শৰ্মা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কংগ্ৰেছ সাংসদ আনন্দ শৰ্মাৰ ৷ ৰাজনীতিৰ বাবে কেবক বিৰোধিতা কৰা নাই,বৰঞ্চ এই বিধেয়ক দেশৰ সংবিধান আৰু সংবিধানৰ আত্মা সদৃশ প্ৰস্তাৱনাৰ লগতে গণতন্ত্ৰৰ বিৰোধী বাবে ইয়াৰ বিৰোধিতা কৰিছে বুলি মন্তব্য সাংসদ গৰাকীৰ ৷  অসমৰ জনতাৰ ভাষা সংস্কৃতিৰ অস্তিত্বক লৈ হোৱা চিন্তাৰ বিষয়ে উল্লেখ কৰিলে সাংসদ গৰাকীয়ে ৷ 

12:17 December 11

ৰাজ্যসভাত অমিত শ্বাহে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, 2019 ৷ ৰাজ্যসভাৰ আৰম্ভ হৈছে বিধেয়ক খনক লৈ বিৰ্তক ৷

ৰাজ্যসভাত কেব উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, "বিগত 35 বছৰে কোনো চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী নকৰিলে ৷ এই চৰকাৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ অৱদান অথলে যাবলৈ নিদিয়ে" ৷  

Intro:Body:

RAJYASABHA LIVE UPDATE

Conclusion:
Last Updated : Dec 11, 2019, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.