ETV Bharat / bharat

''দেশখন আপোনালোকৰ বাবেই সুৰক্ষিত'' সেনাক উদ্দেশ্যি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰীৰ

author img

By

Published : Oct 25, 2020, 9:00 AM IST

দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰি বিভিন্ন সময়ত সেনাৰ জোৱান সকলে আত্মবলিদান দি আহিছে বুলি দাৰ্জিলিঙৰ চুখনাত সেনাৰ বাবে আয়োজিত এক অনুষ্ঠানত মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

RAJNATH SING VISIT DARJEELING
''দেশখন আপোনালোকৰ বাবেই সুৰক্ষিত'' সেনাক উদ্দেশ্যি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰীৰ

নিউজ ডেস্ক, 25 অক্টোবৰঃ দুদিনৰ বাবে পশ্চিমবংগ আৰু ছিকিম ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ শনিবাৰে দাৰ্জিলিঙৰ চুখনাত 33 ক'ৰৰ মুখ্য কাৰ্যালয়ত এক সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ এই সময় খিনিত জোৱান সকলৰ লগত সময় কটায় মন্ত্ৰী গৰাকীয়ে ৷

উক্ত অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মন্তব্য কয় যে,"ভাৰত সকলো সময়তে প্ৰতিবেশী দেশৰ সৈতে সু-সম্পৰ্ক ৰাখি আহিছে ৷ কিন্তু বিভিন্ন সময়ত সীমান্তত সুৰক্ষাৰ ক্ষেত্ৰত সেনা জোৱান সকলে আত্মবলিদান দিব লগীয়া হয় ৷"

ইফালে গালৱান উপত্যকাত সংঘটিত হোৱা ঘটনা প্ৰসংগত তেওঁ কয় যে, গালৱানত আমাৰ বিহাৰ ৰেজিমেন্টৰ 20 জন জোৱান দেশৰ বাবে ছহিদ হয় ৷ আমাৰ দেশ আৰু সীমান্ত সেনা জোৱান সকলৰ বাবেই সুৰক্ষিত হৈ আছে ৷ এই বছৰ ছিকিমৰ ভাৰত-চিন সীমান্ত এলেকাত জোৱান সকলৰ সৈতে দুৰ্গা পূজা উদযাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে জোৱান সকলৰ সৈতে অস্ত্ৰ পূজাতো অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে ৷ বিগত কেইবা মাহ ধৰি ভিতৰতে ভাৰত চিন সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈছে ৷ দেশ দুখনৰ উচ্চস্তৰীয় কূটনৈতিক বিষয়া সকলৰ সৈতে বহু বৈঠকত মিলিত হৈছে যদিও এতিয়া লৈ কোনো সমাধান হোৱা নাই ৷

বৰ্তমান এই পৰিস্থিতিৰ মাজতেই ছিকিম ভাৰত-চীন সীমান্তত সেনা জোৱান সকলৰ সৈতে দশেৰা অনুষ্ঠনাটো উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.