ETV Bharat / bharat

অযোধ্যাৰ ভূমি পূজনৰ বাবে সময় ধাৰ্য কৰা পুৰোহিতক ফোনযোগে ভাবুকি

author img

By

Published : Aug 4, 2020, 12:34 PM IST

ৰাম মন্দিৰৰ ভূমি পূজনৰ সময় ধাৰ্য কৰা 75 বৰ্ষীয় পুৰোহিত বিজয়েন্দ্ৰই ফোনযোগে লাভ কৰিছে ভাবুকি ৷ পুৰোহিতগৰাকীয়ে ভাবুকি লাভৰ পাচতে কৰ্ণাটকৰ বেলাগাবীস্থিত বিজয়েন্দ্ৰৰ বাসগৃহত প্ৰদান কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷

পুৰোহিত বিজয়েন্দ্ৰ
অযোধ্যাৰ ভূমি পূজনৰ বাবে সময় ধাৰ্য কৰা পুৰোহিতক ফোনযোগে ভাবুকি

নেশ্যনেল ডেস্ক, 4 আগষ্ট : নতুনকৈ নিৰ্মাণ হ'বলগা অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ সময় ধাৰ্য কৰা 75 বৰ্ষীয় পুৰোহিত বিজয়েন্দ্ৰই ফোনযোগে লাভ কৰিছে ভাবুকি ৷ পুৰোহিতগৰাকীয়ে ভাবুকি লাভৰ পাচতে কৰ্ণাটকৰ বেলাগাবীস্থিত বিজয়েন্দ্ৰৰ বাসগৃহত প্ৰদান কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷

সূত্ৰই কয় যে,ভাবুকি প্ৰদানৰ পাচতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ বেলাগাবীৰ শাস্ত্ৰী নগৰ অঞ্চলত বাস কৰা পুৰোহিতগৰাকীৰ বাসগৃহত আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে ৷

শ্ৰী ৰাম জন্মুভূমি তীৰ্থ ক্ষেত্ৰৰ এজন সদস্যই কয়,"এয়া অতি দুখৰ কথা যে,মন্দিৰ নিৰ্মাণ কৰাৰ বিৰোধিতা কৰা কোনো লোকে মহুৰতৰ সময় ধাৰ্য কৰা পুৰোহিত জনকো ভাবুকি প্ৰদান কৰিছে ৷"

বিজয়েন্দ্ৰই সাংবাদিকক কয় যে,ভূমি পূজনৰ বাবে কিয় সময় ধাৰ্য কৰিছিল বুলি এজন লোকে ফোন কৰি প্ৰশ্ন কৰে ৷

বিজয়েন্দ্ৰই কয়,"তেওঁ সোধে কিয় মই ইয়াত যোগদান কৰিছো ৷ মই ক'লো যে,ভূমি পূজনৰ বাবে আয়োজকসকলে দিন ধাৰ্য কৰিবলৈ মোক অনুৰোধ জনাইছিল সেয়েহে মই কাম কৰিলো ৷ ফোন কৰা লোকজনে নিজৰ নাম ব্যক্ত নকৰিলে ৷ বিভিন্ন নম্বৰৰ পৰা মোলৈ ফোন আহিছে ৷"

যোৱা কিছু বছৰত ৰাম মন্দিৰ আন্দোলনৰ সৈতে জড়িত হৈ আছে বিজয়েন্দ্ৰ নামৰ পুৰোহিতগৰাকী ৷ এই বছৰৰ ফেব্ৰুৱাৰী মাহত ভূমি পূজনৰ বাবে সময় নিৰ্ধাৰণ কৰিবলৈ ট্ৰাষ্টে তেওঁক দায়িত্ব প্ৰদান কৰিছিল ৷

কিন্তু কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে তেওঁ ভূমি পূজনত উপস্থিত থাকিব নোৱাৰে ৷ উল্লেখ্য যে,বুধবাৰে অনুষ্ঠিত হ'বলগা ভূমি পূজনত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

লগতে পঢ়ক : পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.