ETV Bharat / bharat

তাজমহলে হৃদয় জুৰালে ট্ৰাম্প দম্পতিৰ - ড'নাল্ড ট্ৰাম্প আৰু মেলানিয়া

তাজমহলৰ সৌন্দৰ্যতাই হৃদয় জুৰাই গ'ল ড'নাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পৰ ৷ ছাহজাহান আৰু মমতাজৰ প্ৰেম কাহিনীয়ে যথেষ্ট আকৰ্ষিত কৰিলে দুয়োকে ৷ কেৱল প্ৰেম কাহিনীয়ে নহয় তাজমহলৰ আশ্বৰ্যকৰ কাৰিকৰী কৌশল , আৰ্কিটেকচাৰ আৰু মহিমাৰ প্ৰশংসাত পঞ্চমুখ হ'ল দুয়ো ৷ ভৱিষ্যতে এই বিখ্যাত স্মৃতিসৌধটো দুয়োৱে পুনৰ চোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷

President Trump, Melania touched by the love story behind Taj Mahal: Tour guide
তাজমহলে হৃদয় জুৰালে ট্ৰাম্প দম্পতিৰ
author img

By

Published : Feb 25, 2020, 3:12 PM IST

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে ভাৰতলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াই ভ্ৰমণ কৰে প্ৰেম নগৰী আগ্ৰা ৷ দুয়ো ভ্ৰমণ কৰে বিখ্যাত প্ৰেমৰ স্মৃতিসৌধ 'তাজমহল' ৷ তাজমহলৰ আঁৰৰ কাহিনী জানিব পাৰি অভিভূত হৈ পৰে ট্ৰাম্প দম্পতি ৷ শ্বাশ্বত প্ৰেমৰ উদাহৰণ দাঙি ধৰা প্ৰেমৰ এই প্ৰতীকৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে ছাহজাহান আৰু তেওঁৰ প্ৰেম কাহিনীক যথেষ্ট প্ৰশংসা কৰে ট্ৰাম্প দম্পতিয়ে ৷ ট্ৰেভেল গাইডে জনোৱা মতে, প্ৰেমৰ স্মৃতিসৌধটো চাৰিওফালৰ পৰা পৰিদৰ্শন কৰে দুয়োৱে ৷

তাজমহলে হৃদয় জুৰালে ট্ৰাম্প দম্পতিৰ

দুয়োৱে ভৱিষ্যতেও স্মাৰকটো পুনৰ চোৱাৰ ইচ্ছা ব্যক্ত কৰে ৷ তাজমহল চোৱাৰ পিছতে তেওঁলোকৰ মুখত প্ৰথম শব্দটো আছিল 'অতুলনীয়' ৷ তেওঁলোকৰ ট্ৰেভেল গাইড নিতিন কুমাৰ সিঙে জনোৱা মতে, তেওঁ তাজমহলৰ বিষয়ে বিস্তাৰিত ভাৱে বৰ্ণনা দিছিল ট্ৰাম্প দম্পতীক আৰু তেওঁলোকেও যথেষ্ট গভীৰতাৰে ছাহজাহান আৰু মমতাজৰ প্ৰেম কাহিনী শুনিছিল ৷

ড'নাল্ড ট্ৰাম্প, পত্নী মেলানিয়া আৰু জীয়ৰী ইভাংকা ট্ৰাম্প আৰু জোঁৱাই ল' জাৰেদ কুশনাৰে তাজমহলৰ ৰাজকীয় প্ৰৱেশ দ্বাৰৰ যথেষ্ট প্ৰশংসা কৰে ৷ ইয়াৰোপৰি ড'নাল্ড ট্ৰাম্পে যথেষ্ট আগ্ৰহেৰে তাজমহলৰ নিৰ্মাণকাৰ্যৰ আঁৰৰ কাহিনী জনাৰ ইচ্ছা প্ৰকাশ কৰে ৷ লগত তাজমহল বনাওঁতে কি কি ব্যৱহাৰ হৈছিল,কেনেকৈ নিৰ্মাণ হৈছিল সকলো কথা আহৰণ কৰে ট্ৰেভেল গাইডজনৰ পৰা ৷

বৰ্তমানলৈকে চাবলৈ গ'লে , 40 জনৰো অধিক বিদেশী গণমান্য ব্যক্তিয়ে তাজমহল পৰিভ্ৰমণ কৰিছে ৷ এই বিদেশীলোকসকলৰ ভিতৰত ৰাজকুমাৰী ডায়েনা , প্ৰিঞ্চ ৱিলিয়াম আৰু পত্নী কেট মিডলটন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড' আৰু তেওঁৰ পৰিয়াল , ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মক্ৰোন আৰু তেওঁৰ পত্নীও অন্তৰ্ভুক্ত ৷

লগতে পঢ়কঃনমস্তে ট্ৰাম্পত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সম্পূৰ্ণ ভাষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.