নিউজ ডেস্ক, 8 এপ্ৰিলঃ বুধবাৰে জম্মু-কাশ্মীৰৰ চাপোৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ এটা দল ৷ গুলীয়াগুলিৰ মাজতে সেনাৰ সূত্ৰই এগৰাকী গৰ্ভৱতী মহিলাক সুকলমে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় ৷
সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে এই অভিযানত ভাগ লয় ৷ অভিযানৰ সময়তে অভিযানকাৰী দলটোৱে অঞ্চলটোত এগৰাকী গৰ্ভৱতী মহিলা আৱদ্ধ হৈ পৰা বুলি নিশ্চিত হয় ৷ স্থানীয় আৰক্ষী আৰু সেনাৰ সহায়ত মহিলাগৰাকী সেই স্থানৰ পৰা ততালিকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় অভিযানকাৰী দলটোৱে ৷
বৰ্তমানেও অঞ্চলটোত সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷