নিউজ ডেস্ক,21 জুলাইঃ মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টনডন আৰু আমাৰ মাজত নাই ৷ লক্ষ্ণৌৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যপালগৰাকীয়ে ৷ তেখেৰ মৃত্যুত ৰাজনৈতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উত্তৰ প্ৰদেশৰ ৰাজনীতত সক্ৰিয় ভূমিকা পালন কৰা টনডন অটল বিহাৰী বিজেপি নেতৃত্বাধীন চৰকাত মন্ত্ৰী হিচাপেও কাৰ্য নিবাহ কৰাৰ লগতে অটল বিহাৰী বাজপেয়ীৰ যথেষ্ঠ ঘনিষ্ঠ আছিল ৷ লালজী টনডনৰ মৃত্যুত উত্তৰ পদেশৰ লগতে মধ্যপ্ৰদেশতো গভীৰ শোকৰ ছাঁ পৰিছে ৷
উল্লখযোগ্য যে, টনডনে 12 বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘত যোগদান কৰিছিল ৷ 1960 চনত ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ লগতে জে পি আন্দোলনতো সক্ৰিয় ভাবে অংশ্ৰহণ কৰিছিল ৷ টনডন দুবাৰকৈ বিধান পৰিষদৰ সদস্যৰ লগতে 1996ৰ পৰা 2009 লৈকে বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ লগে-লগে 2009 চনত লক্ষ্ণৌ লোকসভাৰ সংসদীয় সমষ্টিৰ পৰা প্ৰথম বাৰ সাংসদ ৰূপে নিৰ্বাচিত হয় ৷ 2018 বৰ্ষৰ 21 আগষ্টত বিহাৰৰ ৰাজ্যপাল হিচাপে, আৰু 20 জুলাই 2019ত মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল টেনডনক ৷
লগতে পঢ়কঃ ধেমাজিৰ কুলাজানত ১২৭ টা অবৈধ গৰু জব্দ