ETV Bharat / bharat

দেশবাসীক উদ্দেশি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কলে ! - পৰ্যটন

আজি 73 সংখ্যক স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে ৷ ভাষণৰ জৰিয়তে 21 শতিকাৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ল’ব লগীয়া পদক্ষেপ সমূহৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কলে
author img

By

Published : Aug 15, 2019, 3:12 PM IST

প্ৰধানমন্ত্ৰী হিচাপে ষষ্ঠ বাৰৰ বাবে লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে নৰেন্দ্ৰ মোদীয়ে ৷ দেশবাসীক কি কলে নৰেন্দ্ৰ মোদীয়েঃ

ETV BHARAT ASSAM
দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কলে

ভাৰতত থাকিব চিফ অফ ডিফেঞ্চ ষ্টাফ:

প্ৰতিৰক্ষা ক্ষেত্ৰত এক নতুন পদবিৰ সংযোজন হ’ব বুলি জনাই প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত অধীক সমন্বয় স্থাপনৰ বাবে চিফ অফ ডিফেঞ্চ ষ্টাফ নিয়েগ কৰা হ’ব ৷ এই কাৰ্যই অধীক শক্তিশালি কৰিব প্ৰতিৰক্ষা ক্ষেত্ৰখনক বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

অনুচ্ছেদ 370:

অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35A উঠাই লোৱাটো এক ডাঙৰ পদক্ষেপ আছিল ৷ ই চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্বপ্ন আছিল ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে অেওঁলোকৰ চৰকাৰে কোনো সিদ্ধান্ত লোৱাত পলম নকৰে আৰু কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ ৰৈ নাথাকে ৷

তিনি তালাক:

তিনি তালাকৰ বিষয়ে তেঁও কয় যে, ‘আমি যদি সতী প্ৰথা, বাল্য বিবাহ নিষিদ্ধ কৰিব পাৰে তেনেহলে তিনি তালাক কিয় নিষিদ্ধ কৰিব নোৱাৰো’ বুলি কৈ তেওঁ আৰু কয় যে ই মুচলমান মহিলাসকলৰ জীৱন সহজ কৰি তুলিব ৷ এই সিদ্ধান্তক কোনো ৰাজনীতিকিকৰণ নকৰাটোৱে কাম্য বুলি তেঁও উল্লেখ কৰে ৷

জম্মু কাশ্মীৰ:

এখন ৰাষ্ট্ৰ এখন সংবিধানৰ সপোন এতিয়া বাস্তব ৷ জম্মু কাশ্মীৰত চলি থকা পুৰণা নীতিয়ে উপত্যকাখনক দূৰ্নীতি, স্বজন তোষণ আৰু অন্যায়ৰে ভৰা কৰি তুলিছিল যাক শেষ কৰি ভাৰত গৌৰাম্বিত ৷

জল জীৱন মিচন:

বিশুদ্ধে খোৱা পানী সকলোৰে অধিকাৰ ৷ প্ৰত্যোকখন ঘৰলৈ বিশুদ্ধে খোৱা পানী যোগান ধৰাত গুৰুত্ব প্ৰদান কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ ইয়াৰ বাবে আগন্তুক বৰ্ষত 3.5 লাখ কোটী টকা খৰচ কৰা হ’ব ৷

জনসংখ্যা নিয়ন্ত্ৰণ:

জনসংখ্যা বিস্ফোৰণ ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আৰু অনাগত দিনত ই ভবিষ্যত প্ৰজন্মৰ বাবে এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিব ৷ ইয়াৰ বাবে সৰু পৰিয়াল সুখী পৰিয়ালৰ নীতি অবলম্বন কৰাটোও এক প্ৰকাৰৰ দেশপ্ৰেম বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

5 ট্ৰীলিয়ন USD ডলাৰ অৰ্থনীতি:

5 ট্ৰীলিয়ন USD অৰ্থনীতিৰ সপোন অসম্ভৱ যেন লাগিলেও বিগত পাঁচ বছৰত ভাৰতীয় আৰ্থনীতিত সংযোজন হৈছে 1 ট্ৰীলিয়ন USD ৷ বিগত 70 বছৰত ভাৰতীয় আৰ্থনীতিত সংযোজন হৈছিল 2 ট্ৰীলিয়ন USD কিন্তু বিগত পাঁচ বছৰলৈ চালো এই সপোন অবাস্তব যেন নালাগে ৷

ব্যৱসায় কৰা সৰল নীতি:

‘দেশত ৰাজনৈতিক স্থিৰতা থাকিলে বিশ্বই ভাৰতৰ লগত ব্যৱসায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব’ এই মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷ তেওঁ কয় যে বিশ্বৰ প্ৰথম 50 খন দেশৰ ভিতৰত থকাটো হ’ব লাগিব ভাৰতৰ লক্ষ ৷

পৰ্যটন:

‘Zero Defect, Zero Effect’ নীতি মতে চলি আকৰ্ষণীয় ভাৱে ঘৰুৱা সামগ্ৰী প্ৰস্তুত কৰি ভাৰতক এখন ৰপ্তানীৰ হাবলৈ পৰিণত কৰা লক্ষ ৷

একে সময়তে নিৰ্বাচন:

এক ৰাষ্ট্ৰ, এক নিৰ্বাচন নীতিৰে এক বৃহৎ দেশ গঢ়ি তুলা লক্ষ ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.