নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: স্বাধীনতা আন্দোলনৰ অন্য়তম চাউৰী চাউৰাৰ ঘটনাই ১০০ বছৰ বছৰত ভৰি দিলে । বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ চাউৰী চাউৰাৰ শতবাৰ্ষিকী উদ্বোধন কৰে । স্বাধীনতা আন্দোলনৰ এই বিশেষ ঘটনাৰ স্মৃতিত প্ৰধানমন্ত্ৰী গৰাকীয়ে এটা ডাক মোহৰো মুকলি কৰে । এই ঘটনাৰ লগত জড়িত লোকসকলৰ ৯৯ গৰাকী লোকক উত্তৰ পুৰুষৰ সন্মানেৰে সন্মানিত কৰা হয় উক্ত অনুষ্ঠানটোত । ৰাজ্য় চৰকাৰেও শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে ৰাজ্য়খনৰ ৭৫ খন জিলাত বিভিন্ন কাৰ্যসূচীৰে এই শতবাৰ্ষিকী আৰম্ভ হ'ব আৰু ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত ইয়াৰ অন্ত পৰিব ।
উল্লেখ্য যে, মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনৰ একাংশ স্বাধীনতা সংগ্ৰামীক ১৯২২ চনত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত মৃত্যু হৈছিল । যাৰবাবে প্ৰতিশোধ ল'বলৈ একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰি চাউৰী চাউৰা আৰক্ষী থানাত অগ্নি সংযোগ কৰিছিল । এই ঘটনাত বহু লোকৰ মৃত্য়ু হৈছিল । শ শ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এই ঘটনাত ছয়জন লোকৰ মৃত্যুও হৈছিল ।আঠ মাহৰ বিচাৰৰ অন্তত ১৭২ গৰাকীক মুক্তি দিয়াৰ লগতে আন প্ৰতিবাদকাৰীসকলক যাৱজ্জীৱন কাৰাদণ্ড তথা ফাঁচী মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল । এই ঘটনাৰ পিছতে মহাত্মা গান্ধীয়ে বন্ধ কৰিছিল এই আন্দোলন । ১৯২৩ চনৰ এপ্ৰিল মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৯ জন দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে আৰু ১১০ জনক পোৰ্ট ব্লেয়াৰত যাৱজ্জীৱন কাৰাদণ্ড বিহে ।
লগতে পঢ়ক:সীমান্তত পাকিস্তানৰ ড্ৰোণ ব্যৱহাৰ