নতুন দিল্লী, ৩ মে': লক্ ডাউনৰ মাজত শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল জাষ্টিছ ফৰ্ ৰাইট্ছ ফাউণ্ডেচনৰ । এই আবেদনত চৰকাৰক বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰা হৈছে । লগতে লক্ ডাউনৰ সময়ত ষান্মাসিকৰ মাচুল পৰিশোধ কৰিবলৈ অসমৰ্থ হোৱা শিক্ষাৰ্থীৰ নাম যাতে প্ৰত্যাহাৰ কৰা নাযায় সেই সন্দৰ্ভতো নিৰ্দেশ দিয়াৰ আহ্বান জনোৱা হৈছে ।
এই আবেদনতে উল্লেখ কৰা হৈছে যে, যিহেতু বৰ্তমান সময়ত মহাবিদ্যালয় সমূহ বন্ধ হৈ আছে, গতিকে মাচুল দাবী কৰাৰ কোনো যুক্তি-যুক্ততা অথবা পৰিস্থিতি নাই । কাৰন মাচুল দাবী কৰিলেই স্থিতি আৰু জটিল হোৱাৰ সম্ভাৱনা আছে ।
লগতে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১, অনুচ্ছেদ ২১ (A) ৰ অধীনত জীয়াই থকাৰ অধিকাৰ, ব্যক্তিগত স্বতন্ত্ৰতা আৰু শিক্ষা অধিকাৰক একাংশ অসাধু লোকৰ ব্যৱসায়ৰ অংশ কৰা উচিত নহয় বুলি উল্লেখ কৰা হৈছে আবেদনখনত । শিক্ষা প্ৰতিষ্ঠান ব্যৱসায়ীক উদ্যোগ নহয় সেয়ে মুনাফা অৰ্জনৰ প্ৰাথমিক উদ্দেশ্যে লৈ ইয়াক চলাই থাকিবলৈ দিব নালাগে বুলিও কোৱা হৈছে ।