ETV Bharat / bharat

মহাজাগতিক আৱিষ্কাৰৰ বাবে ৩গৰাকী বিজ্ঞানীলৈ নোবেল বঁটা - ৰেইনহাৰ্ড

ৰেইনহাৰ্ড জেনজেল আৰু এন্দ্ৰিয়া ঘেজ, ব্ৰিটন ৰ'জাৰ পেনৰ'জলৈ দ্য ৰয়েল চুইদিছ একাডেমীয়ে আগবঢ়াইছে নোবেল বঁটা। এই সন্মানীয় বঁটাত আছে সোণৰ পদক,১০মিলিয়ন চুইদিছ ক্ৰ'ন'ৰ আৰু এখন প্ৰশস্তি পত্ৰ।

মহাজাগতিক আৱিষ্কাৰৰ বাবে ৩গৰাকী বিজ্ঞানীলৈ নোবেল বঁটা

author img

By

Published : Oct 6, 2020, 6:51 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬অক্টোবৰ: মহাজাগতিক আৱিষ্কাৰৰ বাবে দ্য ৰয়েল চুইডিছ একাডেমী ৩গৰাকী বিজ্ঞানীলৈ আগবঢ়াইছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা। দ্য ৰয়েল চুইডিছ একাডেমীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰেইনহাৰ্ড জেনজেল আৰু এন্দ্ৰিয়া ঘেজ,ব্ৰিটন ৰ'জাৰ পেনৰ'জলৈ ২০২০বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। এই বৰ্ষৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰিব ব্ৰিটন ৰ'জাৰ পেনৰ'জে। 'ব্লেক হ'লৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ সিদ্ধান্তৰ পুৰ্বানুমান' শীৰ্ষক আৱিষ্কাৰৰ বাবে ব্ৰিটন ৰ'জাৰ পেনৰ'জলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।

মহাজাগতিক আৱিষ্কাৰৰ বাবে ৩গৰাকী বিজ্ঞানীলৈ নোবেল বঁটা
মহাজাগতিক আৱিষ্কাৰৰ বাবে ৩গৰাকী বিজ্ঞানীলৈ নোবেল বঁটা

গ'ৰান কে হেনছনে কয় যে,জাৰ্মানীৰ বিজ্ঞানী ৰেইনহাৰ্ড জেনজেল আৰু আমেৰিকাৰ এন্দ্ৰিয়া ঘেজলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত ছুপাৰমেটিভ কমপেক্টৰ আৱিষ্কাৰৰ বাবে আগবঢ়োৱা হৈছে নোবেল বঁটা। নোবেল কমিটীয়ে প্ৰকাশ কৰিছে যে,ব্লেক হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ আকৰ্ষণীয় বস্তুবোৰৰ ভিতৰত অন্যতম,যি বিজ্ঞানৰ তথ্যৰ প্ৰধান কেন্দ্ৰ। ব্ৰিটন ৰ'জাৰ পেনৰ'জে প্ৰমাণ কৰিছে যে,এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্বৰ সাধাৰণ সিদ্ধান্তৰ আধাৰত ব্লেক হ'লৰ গঠন সম্ভৱ।

ৰেইনহাৰ্ড জেনজেলে আৱিষ্কাৰ কৰিছে যে,আমাৰ মিল্কী ৱেৰে ব্ৰহ্মাণ্ডৰ ধূলিৰে আবৃত কেন্দ্ৰক প্ৰত্যক্ষ কৰিব পাৰি আৰু তাত কিছুমান অদ্ভূত কাৰ্যকলাপ চলি থাকে,কিছুমান তৰা এনেদৰে ঘূৰি থাকে যে দেখা পোৱা অসম্ভৱ। এইটো এটা ব্লেক হ'ল আছিল,যিটো সূৰ্যতকৈ ৪মিলিয়ন গুণ ডাঙৰ। এতিয়া বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে, ব্ৰহ্মাণ্ডত ব্লেক হ'ল আছে। ১২৪ বছৰ পূৰ্বে চুইদেনৰ উদ্ভাৱক আলফ্ৰেড নোবেলে এৰি যোৱা সম্পত্তিৰ পৰা আগবঢ়োৱা হয় এই বঁটা। আলফ্ৰেড নোবেলৰ নামত নামকৰণ কৰা এই সন্মানীয় বঁটাত আছে এটি সোণৰ পদক,১০মিলিয়ন চুইদিছ ক্ৰ'ন'ৰ আৰু এখন প্ৰশস্তি পত্ৰ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.