মহাৰাষ্ট্ৰ, ১ জুন: COVID-19ৰ বিৰুদ্ধে চলি থকা যুঁজখন মহাৰাষ্ট্ৰৰ চিকিৎসকসকলক সহায়ৰ বাবে শীঘ্ৰে ৰাজ্যখনত উপস্থিত হ'ব কেৰালাৰ শতাধিক চিকিৎসকৰ এটা দল। সোমবাৰে কেৰালাৰ ১৬ জনীয়া চিকিৎসকৰ এটা দল উপস্থিত হ'ব মহাৰাষ্ট্ৰত । তিৰুৱন্তপুৰম মেডিকেল হাস্পতালৰ উপ অধীক্ষক সন্তোষ কুমাৰে প্ৰকাশ কৰে এই কথা ।
চিকিৎসকৰ দলটোৱে অন্ধেৰীস্থিত ছেভেন হিলছ হাস্পতালত চিকিৎসা প্ৰদান কৰিব । এই হাস্পতালখন চিকিৎসা কৰ্মীৰ বাবে সুৰক্ষিত আৰু সুসজ্জিত । তিৰুৱন্তপুৰম মেডিকেল হাস্পতালৰ উপ অধীক্ষক সন্তোষ কুমাৰে প্ৰকাশ কৰা মতে বৰ্তমান কেৰালাৰ ৫০ জন চিকিৎসক আৰু ১০০ গৰাকী নাৰ্চে মহাৰাষ্ট্ৰত উপস্থিত হৈ চিকিৎসা প্ৰদান কৰিব ।
উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা মহাৰাষ্ট্ৰত দ্ৰুত গতিত বৃদ্ধি পোৱাত ৰাজ্যখনত চিকিৎসাৰ ক্ষেত্ৰত মানৱ সম্পদৰ লগতে বিভিন্ন সুবিধাৰ অভাৱ পৰিলক্ষিত হৈছিল । আনহাতে কৰ'ণাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কেৰালাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৰাজ্যখনত চিকিৎসাৰ ক্ষেত্ৰত থকা অভাৱ দূৰ কৰাৰ বাবে কেৰালা চৰকাৰলৈ চিকিৎসা কৰ্মী বিচাৰি পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃ মুম্বাইৰ ৱৰ্ছভা কৱৰস্থানত জানেজা সম্পন্ন ৱাজিদ খানৰ