ETV Bharat / bharat

ওড়িশাৰ ৯৫ গৰাকী আৰক্ষী কৰ্মীলৈ "বিশেষ প্ৰশংসা পত্ৰ" - উৰিষ্যাৰ আৰক্ষী মহাপৰিদৰ্শক

মহামাৰী COVID-19 ত আক্ৰান্ত হোৱাৰ পাচত পুনৰ কৰ্মত নিয়োজিত হোৱা তথা আৰক্ষীৰ কৰ'ণা যোদ্ধাসকললৈ "বিশেষ প্ৰশংসা পত্ৰ" প্ৰেৰণ কৰিব বুলি ঘোষণা ওড়িশাৰ আৰক্ষী মহাপৰিদৰ্শকৰ । ৰাজ্যখনৰ মুঠ ৯৫ গৰাকী কৰ'ণা যোদ্ধালৈ এই পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰি কৰে আৰক্ষী মহাপৰিদৰ্শক অভয়ে ।

 উৰিষ্যা
উৰিষ্যা
author img

By

Published : Jul 21, 2020, 4:24 PM IST

নিউজ জেস্ক, ২১ জুলাইঃ মহামাৰী COVID-19 ৰ সংকটৰ সময়ত আৰক্ষী কৰ্মীসকলক উৎসাহিত কৰিবলৈ ওড়িশাৰ আৰক্ষী মহাপৰিদৰ্শকৰ বিশেষ পদক্ষেপ । ওড়িশাৰ আৰক্ষীৰ মহাপৰিদৰ্শকে অভয়ে আৰক্ষী কৰ্মীসকলৰ বাবে "বিশেষ প্ৰশংসা পত্ৰ" প্ৰেৰণ কৰিব বুলি ঘোষণা কৰে । যি সকল আৰক্ষী কৰ্মীয়ে মহামাৰী COVID-19 ত আক্ৰান্ত হোৱাৰ পাচত পুনৰ কৰ্মত নিয়োজিত হৈছে তথা কৰ'ণা যোদ্ধা হিচাপে নিয়োজিত হৈ আছে তেনে আৰক্ষী কৰ্মীক এই পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰি কৰে । ওড়িশাৰ বিভিন্ন জিলাৰ মুঠ ৯৫ গৰাকী আৰক্ষী কৰ্মীলৈ এই পত্ৰ প্ৰেৰণ কৰিব বুলিও মত ব্য়ক্ত কৰে মহাপৰিদৰ্শক গৰাকীয়ে ।

ওড়িশাৰ আৰক্ষীৰ মহাপৰিদৰ্শক কাৰ্যালয়ৰ পৰা টুইটযোগে সদৰি কৰে যে,ওড়িশাৰ আৰক্ষীয়ে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱা তথা কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতো আৰোগ্য হৈ পুনৰ কৰ্মত নিয়োজিত হৈছে তেনে কৰ'ণা যোদ্ধা সকলক আৰক্ষীৰ মহাপৰিদৰ্শকৰ তৰফৰ পৰা "বিশেষ প্ৰশংসা পত্ৰ" আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

 উৰিষ্যা
উৰিষ্যাৰ ৯৫ গাৰকী আৰক্ষী কৰ্মীলৈ "বিশেষ প্ৰশংসা পত্ৰ" ৰ ঘোষণা আৰক্ষী মহাপৰিদৰ্শকৰ

তাৰোপৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পটনায়কেও যিসকল আৰক্ষী কৰ্মী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ পুনৰ কৰ্মত নিয়োজিত হৈছে তেনে কৰ্মীসকলক টুইটযোগে প্ৰশংসা কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.