ETV Bharat / bharat

ডুবাইত যাত্ৰীক স্ব-ভাষাৰে শুভেচ্ছা জ্ঞাপন ওড়িয়া মহিলা পাইলটৰ - ওড়িয়া ভাষাত স্বাগতসূচক ভাষ্য

সংযুক্ত আৰৱ এমিৰেটছ (UAE) ডুবাইত আৱদ্ধ হৈ থকা ওড়িশাৰ লোকসকল সোমবাৰে বিশেষ বিমানেৰে নিজ ৰাজ্যত উপস্থিত হয় । মহিলা পাইলট কেপ্টেইন মধুস্মিতা পাটনায়কে ওড়িয়া ভাষাত স্বাগতসূচক ভাষ্য প্ৰদান কৰে । ভূৱনেশ্বৰৰ মূল নিৱাসী আৰু ডুবাইত কৰ্মৰত কেপ্টেইনগৰাকীৰ তত্বাৱধানত বন্দে ভাৰত মিছনৰ অধীনত সোমবাৰে পুৱা ডুবাইত আৱদ্ধ হৈ থকা ২১৫ জন ওড়িশাৰ লোক বিশেষ বিমানেৰে লৈ দিনৰ ২ বজাত ভূৱনেশ্বৰৰ বীজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।

ডুবাইত যাত্ৰীক স্ব-ভাষাৰে শুভেচ্ছা জ্ঞাপন ওড়িয়া মহিলা পাইলটৰ

author img

By

Published : Jun 15, 2020, 7:23 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুন: কৰ'ণা মহামাৰীৰ মাজতে সংযুক্ত আৰৱ এমিৰেটছ (UAE) ডুবাইত আৱদ্ধ হৈ থকা ওড়িশাৰ লোকসকলে ভাৰতলৈ উভতিবলগীয়া এখন বিমানৰ অপেক্ষাত আছিল । এই শুভ ক্ষণতে এগৰাকী মহিলা পাইলটৰ ওড়িয়া ভাষাত স্বাগতসূচক ভাষ্য শুনি আৱদ্ধ হৈ থকা ওড়িয়া লোকসকলৰ মন আনন্দিত হৈ উঠে ।

Aji Apana Mananku Raja ra Abhinandan (আপোনালোক সকলোকে ৰাজাৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা). Mu Captain Madhusmita Apanamananku Air Arabia ra special flight to swagat karuchi (মই কেপ্টেইন মধুস্মিতাই আপোনালোক সকলোকে এয়াৰ আৰৱীয়ৰ বিশেষ বিমান সেৱালৈ স্বাগতম জনাইছো)- এইদৰে ওড়িয়া মহিলা পাইলটগৰাকীয়ে সোমবাৰে পুৱা বিমানখনে উৰণ লোৱাৰ সময়ত সকলো আৱদ্ধ ওড়িয়া লোকসকলৰ মনত উৎফুল্লিত কৰে ।

ডুবাইত যাত্ৰীক স্ব-ভাষাৰে শুভেচ্ছা জ্ঞাপন ওড়িয়া মহিলা পাইলটৰ
ডুবাইত যাত্ৰীক স্ব-ভাষাৰে শুভেচ্ছা জ্ঞাপন ওড়িয়া মহিলা পাইলটৰ

শ্বাৰজাহৰ পৰা ওড়িশালৈ গমন কৰাৰ পিছত যাত্ৰীসকলে কৰ'ণাৰ প্ৰতি সুৰক্ষা অৱলম্বন কৰি ফেচ ছীল্ড আৰু ফেচ মাস্ক পৰিধান কৰি নিশ্চিত মনে নিজ ঠাইলৈ যাত্ৰা কৰে । পাইলট মধুস্মিতাই ‘জয় জগন্নাথ ধ্বনি’ৰে ঘোষণা সামৰে । ভূৱনেশ্বৰৰ মূল নিৱাসী আৰু ডুবাইত কৰ্মৰত কেপ্টেইন মধুস্মিতা পাটনায়কৰ তত্বাৱধানত বন্দে ভাৰত মিছনৰ অধীনত সোমবাৰে পুৱা ডুবাইত আৱদ্ধ হৈ থকা ২১৫ জন ওড়িশাৰ লোক বিশেষ বিমানেৰে লৈ দিনৰ ২ বজাত ভূৱনেশ্বৰৰ বীজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.