নেশ্যনেল ডেস্ক,1 নৱেম্বৰ : চিআইএছএফ প্ৰধান অনিল পাণ্ডেই দাবী কৰে যে, দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ভাবুকিৰ সৃষ্টি হোৱা নাই ৷ বিমানবন্দৰত উদ্ধাৰ হোৱা সন্দেহজনক বেগত কি আছে এই কথা 24 ঘন্টাৰ পাচতহে চূড়ান্ত কৰিব পৰা যাব বুলি মন্তব্য কৰে অনিল পাণ্ডেই ৷
উল্লেখ্য যে, বিমানবন্দৰৰ টাৰ্মিনেল-3 ত শুকুৰবাৰে পুৱা ভাগত এটা সন্দেহজনক বেগ উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পাচতে আৰক্ষী বিভাগ উপস্থিত হৈ বেগটোৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকাৰ সংকেত লাভ কৰিছিল আৰু বেগটো সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছিল ৷ ফ'ৰেনছিক পৰীক্ষাৰ পাচতে এয়া বিস্ফোৰক সামগ্ৰী নে অন্য কিবা স্পষ্ট হ'ব ৷
আৰু পঢ়ক : টুইটাৰত আৰু ৰাজনীতি কৰিব নোৱাৰে ! বন্ধ হ'ল ৰাজনৈতিক বিজ্ঞাপন