ETV Bharat / bharat

21 দিনীয়া লক ডাউন বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে - চৰকাৰৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰো

চৰকাৰৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰোই এক টুইটযোগে প্ৰকাশ কৰে যে,‘ বিগত কিছুদিন ধৰি চৰকাৰে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ তথ্যৰ লগতে বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হৈ আহিছে ৷ কেন্দ্ৰীয় কেবিনেট সচিবে এইসমূহ তথ্য ভিত্তিহীন বুলি মন্তব্য কৰিছে ৷’

No plan to extend 21 day lockdown by Central government
21 দিনীয়া লক ডাউন বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে
author img

By

Published : Mar 30, 2020, 2:51 PM IST

নেশ্বনেল ডেক্স,30 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা 21 দিনীয়া লক ডাউন সদ্যহতে বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বিগত পাঁচ দিনত কৰ’ণা সন্ত্ৰাসৰ বাবে বিভিন্ন মহানগৰ সমূহত বাস কৰা কেইবালাখ প্ৰবাসী শ্ৰমিকে নিজ গৃহ অভিমুখে খোজকাঢ়ি যোৱাৰ ঘটনাৰ পিছতেই এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবাই ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এইসকল প্ৰবাসী শ্ৰমিকক উপযুক্ত খাদ্য আৰু আশ্ৰয় প্ৰদান কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

চৰকাৰৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰোই এক টুইটযোগে প্ৰকাশ কৰে যে, ‘বিগত কিছুদিন ধৰি চৰকাৰে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ তথ্যৰ লগতে বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হৈ আহিছে ৷ কেন্দ্ৰীয় কেবিনেট সচিবে এইসমূহ তথ্য ভিত্তিহীন বুলি মন্তব্য কৰিছে ৷’

দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত মন্ত্ৰীসকলৰ এটি দলে লক ডাউনৰ বাবে প্ৰবাসী শ্ৰমিকলৰ মাজত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনা কৰে ৷

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এক পত্ৰত লিখে যে, তাৎক্ষণিক লক ডাউনে জনসাধাৰণৰ মাজত ভয় আৰু শংকা বৃদ্ধি কৰে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে, কৰ’ণা মহামাৰীৰ বাবে ঘোষণা কৰা তাৎক্ষণিক তলাবন্ধৰ ফলত ভাৰতবৰ্ষত দিনহাজিৰা কৰি জীয়াই থকা লোকসকলে ভয়ংকৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

উল্লেখ্য যে, এইপৰ্যন্ত দেশত 1,071 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 29 গৰাকী লোকৰ ৷

লগতে পঢ়ক-প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে যোগাভ্যাসৰ 3ডি ভিডিঅ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.