ETV Bharat / bharat

সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্য গভীৰ উদ্বেগজনকঃ সম্পাদক গিল্ড

author img

By

Published : Apr 3, 2020, 4:33 PM IST

কোভিড-19 মহামাৰী সম্পৰ্কে মাত্ৰাধিক শংকাময় পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ভাৰত চৰকাৰে সংবাদ মাধ্যমক জগৰীয়া কৰাৰ পাচত পোনচাতেই ভাৰতীয় সম্পাদক গিল্ডে অই অভিযোগ নাকচ কৰিছে । উল্লেখ্য যে, লক ডাউনৰ সময়ত প্ৰৱজক শ্ৰমিকৰ মাজত শংকাৰ সৃষ্টি কৰা বুলি উচ্চতম ন্যায়ালত ভাৰত চৰকাৰে কৈছিল ।

সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্য গভীৰ উদ্বেগজনকঃ সম্পাদক গিল্ড
সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্য গভীৰ উদ্বেগজনকঃ সম্পাদক গিল্ড

নতুন দিল্লী, 3 এপ্ৰিলঃ অভিবাসী শ্ৰমিকৰ মাজত শংকাৰ সৃষ্টি কৰা বুলি উচ্চতম ন্যায়ালয়ৰ ওচৰত চৰকাৰে সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্যক সম্পাদক গিল্ডে গভীৰ উদ্বেগজনক বুলি আখ্যা দিছে । লক ডাউনৰ সময়ত এইধৰণৰ পদক্ষেপে বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব পাৰে ।

তীক্ষ্ণ শব্দৰে সম্পাদক গিল্ডে কয় যে, এই সময়ত সংবাদ মাধ্যমক দোষাৰোপ কৰা কাৰ্যই কেৱল কাম সমূহকহে দুৰ্বল কৰি পেলাব ।

এপেক্স কৰ্টে মহামাৰীৰ ওপৰত হোৱা বাক যুদ্ধত বাধা পৰিব নিদিয়ে । সংবাদ মাধ্যমে কেৱল চৰকাৰী তথ্যহে প্ৰচাৰ কৰা উচিত বুলি সম্পাদক গিল্ডে প্ৰকাশ কৰে ।

গিল্ডে লগতে কয় যে, আদালতৰ প্ৰতি পূৰ্ণ সন্মান আছে, কিন্তু এই মুহূৰ্তত এই উপদেশ জটিল আৰু অনাৱশ্যক । এই ধৰণৰ অভিযোগে দেশত সংকটৰ সময়ত বাতৰি প্ৰচাৰ কাৰ্যত বাধা আৰোপ কৰিব পাৰে ।

"পৃথিৱীৰ কোনো গণতন্ত্ৰই সংবাদ মাধ্যমক ঘেৰি লৈ মহামাৰীৰ বিৰুদ্ধে যুঁজিব নোৱাৰে"- এইবুলি কয় সম্পাদক গিল্ডে ।

দি ওইৱাৰ নামৰ ৱেবচাইটৰ মুখ্য সম্পাদকৰ বিৰোদ্ধে জাননী জাৰি কৰাকলৈয়ো সম্পাদক গিল্ড ক্ষুব্ধ হৈ পৰে । অপৰাধ আইনৰ অধীনত পুলিচৰ এই ধৰণৰ এফ আই আৰ ভয় দেখুওৱাৰ কাৰ্য বুলি সমালোচনা কৰে ।

সংবাদ মাধ্যমক এইধৰণে ভয় দেখুওৱা কাৰ্য আৰু প্ৰৱজক শ্ৰমিক একগোট হোৱা বাবে সংবাদ মাধ্যমক জগৰীয়া কৰা কাৰ্যই বাৰ্তাবাহকৰ বাবে ঘাটক হৈ পৰিব ।

উচ্চতম ন্যায়ালয়ে কৈছে যে, বহু সংখ্যক শ্ৰমিকে লক ডাউন অমান্য কৰি ঘৰ যাবলৈ ওলাই অহা কাৰ্য ভুৱা বাতৰিৰ বাবে হ'বলৈ পালে বুলি প্ৰকাশ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.