ETV Bharat / bharat

নীতিশ কুমাৰেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : সুশীল মোদী

author img

By

Published : Nov 11, 2020, 4:10 PM IST

বুধবাৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে কয় যে বিহাৰৰ আগন্তুক মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব ৷ মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰক লৈ কোনো বিভ্ৰান্তি নাই ৷

No confusion, Nitish Kumar will be Bihar CM: Sushil Modi
নীতিশ কুমাৰেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : সুশীল মোদী

নিউজ ডেস্ক,11 নৱেম্বৰ : বিহাৰৰ পৰৱৰ্তী মুখ্য়মন্ত্ৰী নীতিশ কুমাৰেই হ’ব ৷ এই ক্ষেত্ৰত তেওঁৰ স্থান আনলৈ হস্তান্তৰ কৰাৰ প্ৰশ্নই নুঠে ৷ বুধবাৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে এই কথা উল্লেখ কৰে ৷

জনতা দল ইউনাইটেড (জেডিইউ)ৰ মুখ্য নীতিশ কুমাৰৰ ভৱিষ্য়তক লৈ উঠা এক প্ৰশ্নৰ উত্তৰ দি সুশীল মোদীয়ে কয় যে,‘‘বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰক লৈ কোনো বিভ্ৰান্তি নাই ৷ নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এইটো সলনি নহয়’’ ৷

লগতে তেওঁ কয় যে,‘‘কেতিয়াবা মিত্ৰজোঁটত এজনে অধিক ভোট লাভ কৰে আৰু আনজনে কম ভোটত সুৰক্ষিত হয় ৷ কিন্তু আমি সমানে অংশীদাৰিত্ব লাভ কৰিছো ৷ জনতাই এনডিএৰ বাবে ভোটদান কৰিছে’’ ৷

আনহাতে লোক জনশক্তি পাৰ্টী (এলজেপি)ৰ মুখ্য নেতা চিৰাগ পাচৱানৰ প্ৰশ্নত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় সুশীল মোদীয়ে কয় যে,‘‘তেওঁ আমাৰ মিত্ৰজোঁটৰ অংশ নহয় ৷ এই ক্ষেত্ৰত মই একো ক’ব নোৱাৰিম’’ ৷

উল্লেখ্য যে,বিহাৰৰ নিৰ্বাচনত মুঠ 243 খন আসনৰ ভিতৰত বিজেপিয়ে 74 খন আসন লাভ কৰে,নীতিশ কুমাৰে জেডিইউৰ পৰা 43 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : সেউজ আতচবাজী বিক্ৰীৰ অনুমতি দিলে অন্ধ্ৰ প্ৰদেশ চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.