ETV Bharat / bharat

আকোঁৰগোজ নেপাল, সংবিধান সংশোধনেৰে ভাৰতক প্ৰত্যুত্তৰ দিয়াৰ প্ৰচেষ্টা - দেশৰ মানচিত্ৰ পুনঃনিৰ্মাণৰ চেষ্টা নেপাল চৰকাৰৰ

ভাৰত-নেপাল সীমা বিবাদ বিৰ্তকত নতুন মোৰ ৷ সংবিধান সংশোধনেৰে দেশৰ ৰাজনৈতিক মানচিত্ৰ পুনঃনিৰ্মাণৰ চেষ্টা নেপাল চৰকাৰৰ ৷ কমিউনিষ্ট চৰকাৰক নেপালী কংগ্ৰেছৰ সমৰ্থন ৷

Nepal tables amendment bill in parliament to change map

author img

By

Published : May 31, 2020, 11:01 PM IST

নিউড ডেস্ক , 31 মে’: ভাৰতৰ লগত সীমা বিবাদ সম্পৰ্কীয় বিৰ্তকই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে নেপাল চৰকাৰে দেশখনৰ সংসদত উত্থাপন কৰিলে দেশখনৰ ৰাজনৈতিক মানচিত্ৰ সলনি কৰা সম্বন্ধীয় এক উল্লেখযোগ্য সংবিধান সংশোধনী বিধেয়ক ৷ উল্লেখযোগ্য যে , কিছুদিন পূৰ্বে দেশখনে চৰকাৰীভাৱে প্ৰকাশ কৰা এখন ৰাজনৈতিক মানচিত্ৰত বৰ্তমানে ভাৰতৰ অন্তৰ্গত উত্তৰাখণ্ডস্থিত লিপুলেক, কালাপানী আৰু লিম্পিয়াধুৰা অঞ্চলক নেপালৰ অন্তৰ্গত অঞ্চল হিচাপে প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতেই দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল সংবাদ শিৰোনাম দখলকাৰী এক বিতৰ্কৰ ৷ ভাৰত চৰকাৰে দেশখনক এই পদক্ষেপ ভালদৰে বিবেচনা কৰি পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছিল ৷

নেপালৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শিৱমায়া টামবাহানফে সংসদত নতুনকৈ উত্থাপন কৰা বিধেয়কখনে সংবিধানৰ 3 নং অনুচ্ছেদৰ অধীনত দেশখনৰ ৰাজনৈতিক মানচিত্ৰখন সংশোধন কৰাৰ অধিকাৰ বিচাৰিছে ৷ উল্লেখ্য যে, বিধেয়কখন আইনলৈ ৰূপায়ন হোৱাৰ পূৰ্বে দুয়োখন সদনত আলোচনাৰ অন্তত গৃহীত কৰিব লাগিত ৷ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ প্ৰদানৰ পাছতেই আইনলৈ পৰিণত হ’ব বিধেয়কখন ৷ গুৰুত্বপূৰ্ণ খবৰ এয়ে যে, দেশখনৰ মূল বিৰোধী দল নেপালী কংগ্ৰেছে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু সহমত প্ৰকাশ কৰিছে ৷ নিশ্চিতভাৱে নেপালৰ এই পদক্ষেপৰ পাছতেই নতুন মোৰ ল’ব ভাৰত-নেপাল সীমা বিবাদ সীমা বিবাদ সম্পৰ্কীয় বিৰ্তকই ৷

লগতে পঢ়কঃঅসমীয়া অনুবাদত নতুন সংযোজন ঘটাই তিনিবন্ধুৰ ব‍্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.