ETV Bharat / bharat

কৰ’ণা ভাইৰাছ,বাজেট অধিৱেশন সন্দৰ্ভত ভেংকায়া নাইডুৰ জৰুৰীকালীন বৈঠক আহ্বান - ভেংকায়া নাইডু

চৰকাৰে ইতিমধ্যে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পৰৱৰ্তী জাননী প্ৰদান নকৰা পৰ্যন্ত প্ৰায় সকলো ৰাজ্যৰে আন্তঃৰাজ্যিক বাছ চলাচল বন্ধ ঘোষণা কৰিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কৰ’ণাৰ ভয়বহতাৰ প্ৰতি লক্ষ্য কৰিয়ে সদনৰ বাজেট অধিৱেশনখন 3 এপ্ৰিলৰ পূৰ্বে সমাপ্ত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ লক ডাউনৰ পিছতেই কেইবাখনো ৰাজ্যত নিৰ্ধাৰিত সময়ৰ পূৰ্বে সদনৰ অধিৱেশন স্থগিত কৰাৰ বাবে ইতিমধ্যে দাবী উত্থাপন হৈছে ৷

Naidu convenes all-part meeting in Rajya Sabha for stock-taking of situation amid COVID-19 lockdown
কৰ’ণা ভাইৰাছৰ লগতে বাজেট অধিৱেশন সন্দৰ্ভত ভেংকায়া নাইডুৰ জৰুৰীকালীন বৈঠক আহ্বান
author img

By

Published : Mar 23, 2020, 1:47 PM IST

নেশ্বনেল ডেক্স,23 মাৰ্চঃ সোমবাৰে এক জৰুৰীকালীন বৈঠকৰ আহ্বান কৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে ৷ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ ঘটনাৰ উপৰিও বিভিন্ন ৰাজ্যসমূহত ঘোষণা কৰা লক ডাউনৰ লগতে সদনৰ অধিৱেশনৰ সময়সূচীৰ ওপৰত এই সভাত আলোচনা কৰা হয় ৷

ইতিমধ্যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা 75খন জিলাক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে আন্তঃৰাজ্যিক বাছ সেৱা ৷ লক ডাউন ঘোষণা কৰা ৰাজ্যসমূহ হৈছে- উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ,কৰ্ণাটক,পাঞ্জাৱ,কেৰালা,তামিলনাডু

চৰকাৰে ইতিমধ্যে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পৰৱৰ্তী জাননী প্ৰদান নকৰা পৰ্যন্ত প্ৰায় সকলো ৰাজ্যৰে আন্তঃৰাজ্যিক বাছ চলাচল বন্ধ ঘোষণা কৰিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কৰ’ণাৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য কৰিয়ে সদনৰ বাজেট অধিৱেশনখন 3 এপ্ৰিল’ৰ পূৰ্বে সমাপ্ত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ লক ডাউনৰ পিছতেই কেইবাখনো ৰাজ্যত নিৰ্ধাৰিত সময়ৰ পূৰ্বে সদনৰ অধিৱেশন স্থগিত কৰাৰ বাবে ইতিমধ্যে দাবী উত্থাপন কৰা হৈছে ৷

চৰকাৰে এইক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি সকলো লোককে শান্তনা দিবলৈ প্ৰয়াস কৰি আহিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাজেট অধিৱেশনখন নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে সমাপ্ত হ’লে ই দেশৰ পৰিস্থিতিত বিৰূপ প্ৰভাৱ পেলাব বুলি চৰকাৰে আশংকা প্ৰকাশ কৰিছে ৷

তৃণমূল কংগ্ৰেছৰ নেতাসকলে ইতিমধ্যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অধিৱেশন কৰ্তনৰ বাবে লিখিত আবেদন প্ৰদান কৰিছে ৷ তেওঁলোকে সোমবাৰৰ পিছত সদনৰ চলিত অধিৱেশনত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ দলৰ নেতাসকলক নিজ নিজ সমষ্টতে থাকি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনাইছে ৷

শিৱ সেনাৰ নেতা সঞ্জয় ৰাউটেও উভয় সদনৰ সাংসদ সকলক বিশ্ব মহামাৰীৰ বাবে সোমবাৰৰ পৰা অধিৱেশনত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক-আজিৰে পৰা ‘লক ডাউন’ ঘোষণা ৰাজধানী দিল্লীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.